ডঃ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ গুৰু দায়িত্ব লোৱাৰ পিছৰে পৰা আলাফা(স্বাধীন)ৰ সৈতে চলি থকা শান্তি আলোচনাই যেন এক ইতিবাচক সঁহাৰি লাভ কৰিছে। বিশেষকৈ মুখ্যমন্ত্ৰীৰ ২-৩ তিনি বছৰৰ টাইম ফ্ৰেমত কৰা এই আলোচনাই যে সশস্ত্ৰ সংগঠন টোৰ সাৰ্বভৌমত্ব দাবীৰ অন্য এক পথৰ সন্ধান দিব সেইয়া স্পষ্ট হৈ পৰিছে।
শেহতীয়াকৈ যোৱা ৫ ছেপ্টেম্বৰত মুখ্যমন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীত আলফা(স্বাধীন)ৰ নেতৃত্বৰ লগত এক অনানুষ্ঠানিক সম্পৰ্ক বজাই ৰখাৰ কথা কোৱাৰ পিছতেই সশস্ত্ৰ সংগঠনটোৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই মংগলবাৰে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
সংবাদ মাধ্যমলৈ এক ফ’নযোগে প্ৰকাশ কৰা বক্তব্যত সেনাধ্যক্ষ গৰাকীয়ে মুখ্যমন্ত্ৰীৰ আলোচনাৰ প্ৰচেষ্টাক ধন্যবাদ জ্ঞাপন কৰি কয় যে,সংঘাত মোচনৰ বাবে অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে যি প্ৰয়াস কৰিছে,তাত সততা-আন্তৰিকতা আৰু সাহস দেখা পোৱা বুলি উল্লেখ কৰে।
অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে শপত লোৱা দিন ধৰি আলফা(স্বাধীন)ৰ শান্তি আলোচনাৰ বাবে অন্য এক পথৰ সন্ধান কৰি আছে। যি ইতিবাচক। তেওঁ অকল আমাৰেই নহয়, অসমৰ জনসাধাৰণকো আশ্বস্ত কৰিব পাৰিছে। সেইকাৰণে আমিও আশাবাদী।
সশস্ত্ৰ সংগ্ৰামত যুদ্ধ আৰু আলোচনা দুয়োটাই চলি থাকে। কেতিয়াবা যুদ্ধ আৰু কেতিয়াবা আলোচনা।সেইয়ে আমি আলোচনা বিৰোধী নহয়। আলোচনাৰ বাবে আমাৰ দুৱাৰ সদায় খোলা আছে। হয়তো মুখ্যমন্ত্ৰীয়ে সমগ্ৰ বিষয়টো কেন্দ্ৰত আলোচনা কৰিছে।
৪০-৪৫ বছৰীয়া সংগ্ৰামৰ এইটো এটা জটিল বিষয় হোৱাৰ বাবেই মুখ্যমন্ত্ৰীয়ে এই আলোচনাক ২-৩ বছৰৰ টাইম-ফ্ৰেমত আৱদ্ধ কৰিছে।লগতে সেনাধ্যক্ষ গৰাকীয়ে এইবুলিও আশা ব্যক্ত কৰে যে বুৰঞ্জীৰ যিটো ইছ্যু আছে সেইটো মুখ্যমন্ত্ৰী গৰকীয়ে অধিক ভালকৈ কেন্দ্ৰত উপস্থাপন কৰিব পাৰিব।
আলফাৰ সমগ্ৰ বিষয়টোৰ ওপৰত তেওঁ যি দায়িত্ব লৈছে ,সেইয়া নিশ্চয় ভাৰতৰ শাসক গোষ্ঠীক মুখ্যমন্ত্ৰীয়ে মনাব পাৰিব বুলি সেনাধ্যক্ষ গৰাকীয়ে আশা ব্যক্ত কৰে।মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আলোচনাৰ প্ৰসংগত উল্লেখ কৰা মধ্যম পন্থা সন্দৰ্ভত এক উল্লেখ যোগ্য মন্তব্য কৰি সেনাধ্যক্ষ গৰাকীয়ে কয় যে,যোৱা ৪০-৪৫ বছৰ বহুত চুক্তি হ’ল।তাত কোনো নতুনত্ব নাই। তাৰপৰা আঁতৰি ভাৰত চৰকাৰে নতুন পথ উলিয়াব লাগিব বুলি স্পষ্ট মত প্ৰকাশ কৰে।
বিশেষকৈ ডঃশৰ্মা এজন সক্ষম ব্যক্তি ,তেওঁ বুৰঞ্জী জানে।সেইবাবে এইবাৰ আমাৰ সন্দেহ হোৱা নাই।অসমৰ মুখ্যমন্ত্ৰীয়ে উদ্যোগ ল’ম বুলি কৈছে যেতিয়া আমি আশ্বস্ত।ইয়াৰোপৰি সেনাধ্যক্ষ গৰাকীয়ে বিষ্ণুৰাম মেধি,বিমলা প্ৰসাদ চলিহাৰ পৰা তৰুণ গগৈলৈকে প্ৰাক্তন মুখ্যমন্ত্ৰী সকলক সমালোচনা কৰি কয় যে,তেওঁলোককো এই বিষয় টোৱে চুই গৈছিল।কিন্তু তেওঁলোকৰ ভুলৰ বাবে আজি আমি পতিত হৈছো।
যদিও এইবাৰ কিছু সুকীয়া দেখিছো। আৰম্ভণি যেতিয়া সুন্দৰ হৈছে আৰু শেষো সুন্দৰ হ’ব বুলি আমি আশা কৰিছো।চৰকাৰে ক’ভিডৰ পৰা ড্ৰাগছৰ লৈকে যিখিনি কৰিছে সেইখিনি আমি প্ৰশংসা কৰিবই লাগিব। বিশেষকৈ ড্ৰাগছৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ পদক্ষেপৰ বাবেই আমি একপক্ষীয় যুদ্ধবিৰতি ঘোষণা কৰিছো।