ৰাজ্যৰ দীৰ্ঘদিনীয়া এক জলন্ত সমস্যাৰ অন্ত পেলাই অৱশেষত মুখ্যমন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মাই কাগজ কলৰ কৰ্মচাৰীলৈ আগবঢ়ালে ৫৭০ কোটি টকাৰ আৰ্থিক পেকেজ।
বিগত কেইবাবছৰ ধৰি ধাৰাবাহিক প্ৰতিবাদ আৰু আইনী যুঁজেৰে সমাধান নোহোৱা এই সমস্যা সমাধান কৰিবলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
মঙলবাৰে মাজনিশা কাগজ কলৰ কৰ্মচাৰীৰে হোৱা বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কাগজ কলৰ কৰ্মচাৰীৰ ৫৫ মাহৰ দৰমহা মোকলাই দিয়া আৰু ১০০ যোগ্য যুৱ কৰ্মচাৰীক চৰকাৰী চাকৰি প্ৰদান কৰা আৰু কাগজ কলৰ ভূমিত অন্য উদ্যোগ স্থাপন কৰাৰ কথা ঘোষণা কৰে।
মুখ্যমন্ত্ৰী ডঃ শৰ্মাই টুইটযোগে প্ৰকাশ কৰা এই খবৰ বিয়পি পৰাৰ লগে লগেই নগাঁও-কাছাৰ পেপাৰ মিলৰ কৰ্মচাৰী সকল উৎফুল্লিত হৈ পৰা দেখা গৈছে।
উল্লেখযোগ্য যে কাগজ কলৰ কৰ্মচাৰী সকলক বিগত মাহত আৱাসগৃ্হ সমূহ খালী কৰাৰ নিৰ্দেশ দিছিল ৰাজ্য চৰকাৰে।অৱশ্যে এই আৱাসগৃ্হ সমূহ খালী কৰাৰ পূৰ্বেই কৰ্মচাৰী সকলক সমূদায় ধন মুকলি কৰি দিয়াৰ কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰীজনে।
জইন্ট একচন কমিটী অৱ ৰিকগনাইজড ইউনিয়ন(জাকৰু) ৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠকৰ পিছতেই জাকৰুৰ সভাপতি মানৱেন্দ্ৰ চক্ৰৱৰ্তীয়ে সদৰী কৰা অনুসৰি হিন্দুস্তান পেপাৰ কৰ্প’ৰেশ্যনৰ সম্পত্তিসমূহ অসম চৰকাৰৰ হাতত থকাৰ লগতে দুয়োটা কাগজ কলৰ কৰ্মচাৰীক প্ৰাপ্য দৰমহা,পি এফ,গ্ৰেছুইটীৰ ধন,পেন্সন আদি দিয়া দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ৰাজ্য চৰকাৰে।
ইয়াৰলগতে দুয়োটা কাগজ কলত কৰ্মৰত সকলো চিকিৎসক,নাৰ্ছ,আৰু আন পেৰামেডিকেল কৰ্মচাৰীসকলক ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগত নিযুক্তি দিয়া হ’ব বুলি উল্লেখ কৰাৰ লগতে লিকুইডেটৰৰ অনুমতি সাপেক্ষে কৰ্মচাৰীৰ বীমাৰ প্ৰিমিয়াম আৰু গৃ্হঋণৰ ই এম আয়ো চৰকাৰে প্ৰদান কৰিব।
অৱশ্যে চাৰি ঘন্টাজুৰি অনুষ্ঠিত হোৱা বৈঠকত সম্পন্ন হোৱা এই চুক্তি কেবিনেটত অনুমোদন লাভ কৰিলেই সবিশেষ তথ্য সদৰী কৰা হ’ব বুলি মুখ্যমন্ত্ৰী ডঃশৰ্মাই জানিবলৈ দিয়ে।