আজি বিয়লি বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ সভাকক্ষত অসম লোকসেৱা অধিকাৰ পৰ্টেল www.rtps.assam.gov.in শুভাৰম্ভ কৰিব।
প্ৰশাসনিক সংশোধনী প্ৰশিক্ষণ, পেঞ্চন আৰু ৰাজহুৱা অভিযোগ বিভাগৰ আৰু বিশ্ববেংকৰ সাহাৰ্য্য প্ৰাপ্ত অসম নাগৰিক- কেন্দ্ৰীয় সেৱা প্ৰকল্প ( ACCSDP) , ARIAS ছ’চাইটিৰ সহযোগত জনসাধাৰণৰ সুবিধাৰ্থে এই পৰ্টেল মুকলি কৰা হ’ব।
www.rtps.assam.gov.in পৰ্টেলৰ যোগেদি অনলাইন যোগে আবেদন আৰু মাচুল পৰিশোধ কৰিব পাৰিব।
নিৰ্ধাৰিত সময়ৰ ভিতৰত ৰাজহুৱা সেৱা প্ৰদানৰ লক্ষ্য লৈ আৰম্ভ হোৱা পৰ্টেলটোত জনসাধাৰণে বিভিন্ন অভিযোগ দাখিল কৰিব পাৰিব।
পৰ্টেলৰ জৰিয়তে কি কি আবেদন কৰিব পাৰিব-
- ভূমি পঞ্জীয়ন আৰু প্ৰমাণ পত্ৰ
- বিবাহ পঞ্জীয়ন আৰু প্ৰমাণ পত্ৰ
- পশু চিকিৎসা আৰু পোহনীয়া জন্তু পুহিবলৈ অনুজ্ঞাপত্ৰ
- জেষ্ঠ নাগৰিকৰ প্ৰমাণ পত্ৰ
- পৰিবহন পঞ্জীয়ন আৰু প্ৰমাণ পত্ৰ ইত্যাদি বিভিন্ন বিষয় সামৰি ল’ব।