অসম চৰকাৰৰ কৃতজ্ঞতা পৰ্টেল চলিত বৰ্ষৰ নৱেম্বৰ মাহৰ পৰাই সেৱাত উপলব্ধ হ’ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে সদৰি কৰে।
২০২০ চনৰ ১ অক্টোৱৰ তাৰিখে অৱসৰ প্ৰাপ্ত শিক্ষকসকলক পেঞ্চনৰ ক্ষেত্ৰত সকাহ প্ৰদান কৰিবলৈ কৃতজ্ঞতা পৰ্টেল উন্মোচন কৰিছিল। শিক্ষা বিভাগৰ অধীনৰ সকলো জিলা কাৰ্যালয়, ক্ষেত্ৰ কাৰ্যালয় ইতিমধ্যে এই পৰ্টেলত পঞ্জীয়ন কৰা হৈছে।
kritagyata.assam.gov.in পৰ্টেলত অৱসৰ প্ৰাপ্ত শিক্ষকসকলে অনলাইন যোগে প্ৰপত্ৰ পূৰণ কৰি নথিপত্ৰ জমা দিব পাৰিব। এই ব্যৱস্থাৰ জৰিয়তে তথ্যৰ শুদ্ধতা নিশ্চিত কৰা, মানৱীয় আসোঁৱাহ হ্ৰাস কৰা, নথিপত্ৰৰ স্থানান্তৰত হোৱা ভুল ৰোধ কৰা, পেঞ্চন সন্দৰ্ভত অভিযোগ অনুসৰণ আৰু সমাধান কৰিবলৈ চেষ্টা কৰা হৈছে।
কৃতজ্ঞতা পৰ্টেল যোগেদি অৱসৰ প্ৰাপ্ত শিক্ষকসকলক এক সকাহ প্ৰদান কৰিব বুলি আশা কৰা হৈছে।