৫০ টা বলত সুমিত ঘাডিগাওকাৰৰ ৭৫ ৰান
ইন্দোৰত চলি থকা মুস্তাক আলী ট্ৰফী টি-২০ ক্ৰিকেট টুৰ্ণামেন্ট ত ইতিহাস ৰচিলে অসমে ।টুৰ্ণামেণ্ট খনৰ ছেমি ফাইনেলত প্ৰথম বাৰৰ বাবে প্ৰৱেশ কৰিছে অসমে। কোৱাৰ্টাৰ ফাইনেলত কেৰালাক ৬ উইকেটত হৰুৱাই অসমে প্ৰথমবাৰলৈ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে । কেৰালাই প্ৰথমে বেট ধৰি ৬ উইকেটত ১৫৮ ৰান কৰিছিল । অসমৰহৈ
মৃণ্ময় দত্তই ৩০ ৰানত দুটা, আকাশ সেনগুপ্তাই ২৯ ৰানত তিনিটা উইকেট লাভ কৰে ।
প্ৰত্যুত্তৰত অসমে ১৭ টা বল বাকী থাকোতে, ৪ উইকেট হেৰুৱাই লক্ষ্যত উপনীত হয় । সোৱণশিৰি চেম্পছ তথা গুৱাহাটী টাউন ক্লাবৰহৈ খেলা ৩১ বছৰীয়া মাৰাঠী উইকেটকীপাৰ সুমিত ঘাডিগাওকাৰ আছিল অসমৰ জয়ৰ নায়ক । তিনি নম্বৰত বেট ধৰিবলৈ অহা সুমিতে ৫০ টা বল খেলি ৪ টা ছয় আৰু ৬ টা চাৰিৰে ৭৫ ৰান কৰে । সুমিতৰ বাদে শিৱশংকৰ ৰয়ে ৩২ বলত ৫৪, ঋষভ দাসে ১৩ টা বলত ১৪, ৰিয়ান পৰাগে ১০ টা বলত ১২ ৰান কৰে ।