এখন গাড়ী ক্ৰয় কৰাটো সকলোৰে এটা সপোন ৷ নিজৰ সামর্থ্য অনুসাৰে এখন গাড়ী ক্ৰয় কৰিবলৈ বহু কষ্টেৰে নিজৰ উপার্জনৰ ধন বহুতে সাঁচি ৰাখে ৷ কিন্তু খুচুৰা পইচা সাচিঁ সাঁচি গাড়ী ক্ৰয় কৰাৰ কথা ভাবিব পাৰেনে আপুনি ? কিন্তু তেনেকুৱা এক ঘটনাই সংঘটিত হৈছে অসমত ৷ কৰিমগঞ্জ জিলাৰ এজন ক্ষুদ্ৰ ব্যৱসায়ীয়ে খুচুৰা পইচাৰ মুদ্ৰাৰে বাইক কিনি ছছিয়েল মিডিয়াত চর্চা লাভ কৰিছে ৷ ৫০ হেজাৰ টকাৰ খুচুৰা পইচা দি কৰিমগঞ্জ জিলাৰ ৰামকৃষ্ণ নগৰ অঞ্চলৰ বাসিন্দা সুৰঞ্জন ৰায়ে বাইক ক্ৰয় কৰে ৷ এটা বস্তাৰে নি খুচুৰা পইচা তেওঁ ডিলাৰত আদায় দিয়ে ৷
প্ৰাপ্ত তথ্য অনুসৰি কৰিমগঞ্জ জিলাৰ ৰামকৃষ্ণ নগৰ অঞ্চলৰ বাসিন্দা সুৰঞ্জন ৰায়ে বাইক কিনাৰ সপোন পূৰণৰ বাবে দীর্ঘদিন ধৰি খুচুৰা পইচা সঞ্চয় কৰি আছিল। শনিবাৰে সন্ধিয়া ৰয়ে নিজৰ ঘৰৰ ওচৰৰ টিভিএছ শ্ব’ৰুমলৈ গৈ শ্ব’ৰুমৰ কৰ্মচাৰীসকলৰ আগত নিজৰ সপোনৰ বাইকখন কিনাৰ ইচ্ছা প্ৰকাশ কৰে।
শ্ব’ৰুমৰ কৰ্মচাৰী বৰ্ণালী পলে সংবাদমাধ্যমৰ আগত কয়-“তেওঁ শনিবাৰে সন্ধিয়া আমাৰ শ্ব’ৰুমলৈ আহিছিল। তেওঁৰ ইচ্ছামতে আমি তেওঁক এপাচে বাইক দেখুৱাইছিলো। বাইকখন চোৱাৰ পিছত মানুহজনে আমাক ক’লে যে, তেওঁৰ হাতত ৫০ হেজাৰ টকাৰ মুদ্ৰা আছে আৰু সেই ধনেৰে বাইকখন ক্ৰয় কৰিব বিচাৰে ৷ প্ৰথমতে আমি মুদ্ৰাৰ বস্তাটো দেখি হতভম্ব হৈ পৰিছিলো কিন্তু পিছত, আমি আমাৰ মালিকৰ সৈতে আলোচনা কৰি বাইকখন মানুহজনক প্ৰদান কৰাৰ সিদ্ধান্ত লৈছিলো।”
ৰয়ৰ মতে, তেওঁ যোৱা কেইবছৰমানৰ পৰা মুদ্ৰাসমূহ কেৱল বাইকখন ঘৰলৈ অনাৰ উদ্দেশ্যেহে জমা কৰি ৰাখিছিল।