অসম-মেঘালয়ৰ দীৰ্ঘদিনীয়া সীমা সমস্যাৰ স্থায়ী সমাধানৰ নিমিত্তে অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ, সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পিযুষ হাজৰিকাই আজি মেঘালয় চৰকাৰৰ উপ-মুখ্যমন্ত্ৰী প্ৰিষ্টন টেইচঙৰ নেতৃত্বত গঠিত যুটীয়া আঞ্চলিক সমিতিৰ সৈতে দুয়োখন ৰাজ্যৰ সীমামূৰীয়া অঞ্চল পৰিদৰ্শন কৰি স্থানীয় ৰাইজৰ সৈতে মত-বিনিময় কৰে ।
এই যুটীয়া পৰিদৰ্শন কালত মন্ত্ৰী গৰাকীয়ে অসম-মেঘালয় সীমান্তৰ জিমিৰগাওঁ, বাখালাপাৰা, লুংখুং, পাটগাওঁ, বান্ধাপাৰা আদি গাওঁ পৰিভ্ৰমণ কৰি স্থানীয় গাওঁ প্ৰধান আৰু গাওঁবাসীৰ সৈতে অনুষ্ঠিত ৰাজহুৱা বৈঠকত মনৰ ভাব বুজ লয় ।
যুটীয়া পৰিদৰ্শনকাৰী দলটোত অসম চৰকাৰৰ মন্ত্ৰী হাজৰিকাৰ সৈতে উপস্থিত আছিল কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিক এন্ , জিলা আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰয় আদি।
আনহাতে মেঘালয় চৰকাৰৰ হৈ উপ-মুখ্যমন্ত্ৰী প্ৰিষ্টন টেইচঙৰ সৈতে অংশগ্ৰহণ কৰিছিল পৰিবহণ মন্ত্ৰী দাচকিয়েট্ লামাৰে, জিৰাং আৰু নংপো বিধানসভা সমষ্টিৰ বিধায়কদ্বয় ক্ৰমে চেলবিয়াচ চ’টান আৰু এম চিয়েম, ৰিভয় জিলাৰ উপায়ুক্ত আৰ, এম কুৰবাহ্ ।
উল্লেখ্য যে, আজিৰ এই পৰিদৰ্শনৰ অন্তত ৰাইজৰ মতামতৰ ভিত্তিত প্ৰতিবেদন প্ৰস্তুত কৰি দুয়ো গৰাকী মন্ত্ৰীয়ে অসম আৰু মেঘালয় চৰকাৰৰ মুখ্যমন্ত্ৰীক প্ৰদান কৰাৰ পিছত পৰৱৰ্তী কাৰ্যব্যৱস্থা প্ৰস্তুত কৰা হ’ব ।
লক্ষণীয় যে মুখ্যমন্ত্ৰীদ্বয় ড° হিমন্ত বিশ্ব শৰ্মা আৰু কনৰাড চাংমাই গ্ৰহণ কৰা ঐতিহাসিক পদক্ষেপৰ ফলশ্ৰুতিত দুইখন ৰাজ্যৰ দীৰ্ঘদিনীয়া সীমা সমস্যা সমাধানৰ পথ প্ৰশস্ত হৈ উঠিছে ।