আজি গুৱাহাটী খানাপাৰা স্থিত অসম প্ৰশাসনিক ষ্টাফ কলেজত ‘আজাদী কা অমৃত মহোৎসৱ’ৰ লগত সংগতি ৰাখি অসমৰ চৰকাৰৰ ৰাজ্যিক শিশু সুৰক্ষা মঞ্চৰ উদ্যোগত অনুষ্ঠিত হয় শিশু গৃহত থাকি উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকলৰ এক সম্বৰ্ধনা অনুষ্ঠান ৷
পুৱা ১০.৩০বজাত হাই-টিৰে অভ্যাগত সকলক আদৰণি জনোৱাৰ পিছতেই বিশিষ্ট অতিথি সকলৰ দ্বাৰা বন্তি প্ৰজ্বলনেৰে এই সম্বৰ্দ্ধনা অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয় আৰু সভাত উপস্থিত বিশিষ্ট অতিথি তথা সমল ব্যক্তি সকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷
অসম চৰকাৰৰ মহিলা আৰু শিশু বিভাগৰ মন্ত্ৰী অজন্তা নেওগৰ উপস্থিতিত অসম ৰাজ্যিক শিশু সুৰক্ষা সমিতিৰ দ্বাৰা আয়োজিত অনুষ্ঠানটিত আদৰণি ভাষণ প্ৰদান কৰে ৰাজ্যিক শিশু সুৰক্ষা মঞ্চ অসমৰ সম্পাদক আই.এ.এছ পাৰ্থ প্ৰতীম মজুমদাৰে ৷
আনহাতে মন্ত্ৰী অজন্তা নেওগৰ বক্তব্যয়ো ছাত্ৰ-ছাত্ৰীসকলক বিশেষভাৱে উৎসাহ যোগায় ৷ এটা আটকধুনীয়া শিশুগৃহ নিৰ্মানৰ লগতে অসমৰ গাঁৱে ভূঁৱে থকা প্ৰতিজন শিশুৱে যাতে নিজৰ অধিকাৰৰ পৰা বঞ্চিত নহয় তাৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে তেওঁ সকলোকে আহ্বান জনায়।
অনুষ্ঠানৰ শেষত ৰাজ্যিক শিশু সুৰক্ষা মঞ্চ অসমৰ অতিৰিক্ত সম্পাদক এ.চি.এছ. ড০ প্ৰীতিলেখা ডেকাই শলাগৰ শৰাই আগবঢ়োৱাৰ পিছতেই উক্ত অনুষ্ঠানৰ সামৰণি পৰে ৷