অসম চৰকাৰৰ সহনশীল মনোভাৱ আৰু উদাৰ স্থিতিৰ বিপৰীতে মিজোৰামে এই পৰ্যন্ত ত্যাগ কৰা নাই আগ্ৰাসী মনোভাৱ। অসম-মিজোৰামৰ দীর্ঘদিনীয়া সীমা বিবাদক লৈ দুয়োখন চৰকাৰৰ মাজত আলোচনা অব্যাহত থকাৰ সময়তে হাইলাকান্দি জিলাত বাৰে বাৰে অসমৰ ভূমি বেদখলৰ চেষ্টাৰে সীমান্তত উত্তেজনাৰ সৃষ্টি কৰি আছে মিজোৰাম চৰকাৰে।
উল্লেখযোগ্য যে কাছাৰ জিলাৰ লাইলাপুৰৰ উত্তেজনাময় ঘটনাৰ পাছত আইজলত দুয়োখন ৰাজ্যৰ চৰকাৰৰ মাজত শান্তি চুক্তি স্বাক্ষৰিত হৈছিল। কিন্তু দুৰ্ভাগ্যজনকভাৱে চুবুৰীয়া ৰাজ্যখনে কোনো পৰিস্থিতিতে যেন এই শান্তি চুক্তি মানি ল’ব বিচৰা নাই।
কিছুদিনৰ ভিতৰতে সশস্ত্ৰ মিজো দুৰ্বৃত্তৰ পথ নিৰ্মাণ, চৰকাৰী বিদ্যালয়ত বিস্ফোৰণৰ ঘটনাৰ পিচত এইবাৰ জিলাখনৰ কচুৰথল নামৰ অঞ্চলত কালভার্ট নির্মাণৰ চেষ্টা চলাইছে মিজো বাহিনীয়ে৷
তাৎপৰ্যপূৰ্ণভাৱে যোৱা ১৬ আগষ্টত মিজো দুৰ্বৃত্তই হাইলাকান্দিৰ আন্তঃৰাজ্যিক সীমান্তত বেদখল কৰিবলৈ চেষ্টা কৰোতে অসম আৰক্ষীয়ে গুলীচালনা কৰিছিল। পৰৱৰ্তী সময়ত বিলাইপুৰৰ পৰা দাৰাসিংটিলাপৰ্যন্ত আঠ কিলোমিটাৰ দৈৰ্ঘ্যত আন্তঃৰাজ্যিক সীমান্ত পথ নিৰ্মাণ বন্ধ কৰিছে হাইলাকান্দি প্ৰশাসনে।
বাতৰি অনুসৰি কাটলিছেৰাৰৰ বিধায়ক সুজামুদ্দিন লস্কৰে এই সম্পৰ্কে মন্তব্য কৰিছে যে অসমৰ তৰফৰ পৰা পথ নিৰ্মাণৰ কাম বন্ধ কৰিলেও মিজোৰামৰ দিশৰ পৰা নিৰ্মাণৰ কাম অব্যাহত আছে। ১৫১ নং ৰাষ্ট্রীয় ঘাইপথৰ সৈতে মিজোৰামৰ নিৰ্মীয়মান পথটো সংযোগ স্থাপনৰ বাবে কালভার্ট নির্মাণ কৰা হৈছে।
এই নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ’লেই ভাইৰেণ্টিলৈ এটা নতুন বিকল্প পথ গঢ়ি উঠিব। এই সন্দৰ্ভত অভিযোগ উত্থাপিত হৈছে যে মিজোৰাম চৰকাৰে বেদখলকাৰীক সকলো প্ৰকাৰৰ সাহাৰ্য দিয়াৰ বিপৰীতে বেদখলকাৰীক ভেটা দিবলৈ সীমান্তত কৰ্তব্যৰত অসম আৰক্ষীয়ে চৰকাৰৰ কোনো সহযোগিতা লাভ কৰা নাই।
মিজো বাহিনীৰ এই কার্যৰ খবৰ পোৱাৰ লগে লগে ৰাজনাথপুৰৰ আৰক্ষীৰ এটা বাহিনী উক্ত স্থানত উপস্থিত হয়। তেওঁলোকে নির্মাণৰ বাবে ব্যৱহাৰ কৰা পাঁচ কুইণ্টল ৰড জব্দ কৰে যদিও শনিবাৰে পুনৰ মিজো লোকে কালভার্ট নির্মাণৰ কাম আৰম্ভ কৰে৷
তথ্য অনুসৰি দেওবাৰে বিয়লি অসম আৰক্ষীৰ লোক উক্ত স্থানত উপস্থিত হোৱাৰ লগে লগে মিজো বাহিনীটো উক্ত স্থানৰ পৰা আঁতৰি যায়৷ ইতিমধ্যে কালভার্ট নির্মাণ কৰা বিতর্কিত স্থানত অসম আৰক্ষীৰ বৃহৎ বাহিনী এটা মোতায়েন কৰা হৈছে যদিও সীমান্তবাসীয়ে উদ্বিগ্নতাৰে দিন কটাইছে।