সীমা বিবাদক লৈ অসম-মিজোৰাম সীমান্তত সংঘটিত সংঘর্ষৰ পাছত দুয়োখন ৰাজ্যৰ মাজত তিক্ত হৈ পৰা সম্পর্ক পুনৰ চন্দলৈ ওভতি আহিবনে ? এৰা ধৰাৰ মাজেৰে সীমা সমস্যা সমাধানৰ বাবে মান্তি হ’বনে মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগা ৷ এনে বহু প্ৰশ্নই এতিয়া উত্থাপিত হৈছে অসম আৰু মিজোৰামৰ মুখ্যমন্ত্ৰীৰ বৈঠকৰ প্ৰাকক্ষণত ৷ আজি সন্ধিয়া নতুন দিল্লীত মুখামুখি হ’ব মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগা আৰু অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মা ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত অনুষ্ঠিত হ’ব এই গুৰুত্বপূর্ণ বৈঠক ৷ মুলতঃ সীমা সমস্যাই এই বৈঠকখনত গুৰুত্ব লাভ কৰাৰ সম্ভাৱনা আছে ৷সন্ধিয়া ৬ বজাত অনুস্থিত হ’ব বৈঠকখন ৷ অসম – মিজোৰাম সীমান্তৰ লাইলাপুৰত দুই ৰাজ্যৰ আৰক্ষীৰ মাজত হোৱা সংর্ঘষত ৫জন অসম আৰক্ষী জোৱান নিহত হৈছিল ৷