ৰাজ্যত পুনৰ আৰম্ভ হ’ব বাল্যবিবাহৰ বিৰুদ্ধে অভিযান ৷ ১ ছেপ্তেম্বৰৰ পৰা ৰাজ্যজুৰি চলিব বাল্যবিবাহ অভিযান-২ ৷ ইতিমধ্যে অসম আৰক্ষীয়ে প্ৰস্তুত কৰিছে বাল্যবিবাহ কৰোৱা লোকৰ তালিকা ৷ অসাংবিধানিকভাৱে বিবাহ কৰোৱা প্ৰতিজন লোককে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিব ৷
উল্লেখ্য যে ইয়াৰ পূর্বেও ৰাজ্যত বাল্যবিবাহ বিৰোধী অভিযান চলাইছিল অসম আৰক্ষীয়ে ৷ যোৱা ২৩ জানুৱাৰীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই ঘোষণা কৰিছিল যে ৰাজ্যত বাল্যবিবাহৰ বিৰুদ্ধে অভিযান চলোৱা হ’ব ৷ সেই অনুসৰিয়েই ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহৰ পৰাই বাল্যবিবাহৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে ৷ ফেব্ৰুৱাৰীৰ প্ৰথম দুসপ্তাহতে ৩০১৫ জন লোকক গ্ৰেপ্তাৰ কৰে ৷ বাল্যবিবাহ কৰোৱা লোকৰ উপৰি বিবাহকার্য সম্পন্ন কৰোৱা কাজীকো আৰক্ষীয়ো গ্ৰেপ্তাৰ কৰিছিল ৷ পুনৰ আৰক্ষীয়ে চলোৱা অভিযানত বহুসংখ্যক লোক আৰক্ষীৰ জালত পৰাটো নিশ্চিত হৈ পৰিছে ৷