অশান্ত মণিপুৰত পুনৰ বিতৰ্কৰ আৱর্তত সোমাই পৰিছে অসম ৰাইফলছ। ৰাজ্যৰ আইন-শৃংখলা পৰিস্থিতি চম্ভালিবলৈ নিয়োজিত নিৰাপত্তা বাহিনীৰ বিৰুদ্ধে পক্ষপাতিত্বৰ অভিযোগ পূর্বেও উত্থাপন হৈছিল ৷ এই পক্ষপাতিত্বৰ অভিযোগ উত্থাপন কৰি এইবাৰ মণিপুৰৰ ৪০ জন মেইটেই বিধায়কে ৰাজ্যখনৰ পৰা অসম ৰাইফলছক অপসাৰণৰ দাবী উত্থাপন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈও তেওঁলোকৰ দাবী উল্লেখ কৰি এখন পত্ৰ প্ৰেৰণ কৰিছে ৷
পত্ৰখনত অসম ৰাইফলছৰ পৰিৱৰ্তে মণিপুৰত ‘বিশ্বাসযোগ্য নিৰাপত্তা বাহিনী’ মোতায়েন কৰিবলৈ দাবী জনোৱা হৈছে। মণিপুৰৰ হিংসাৰ প্ৰথম দিনৰে পৰাই বাৰে বাৰে বিতৰ্কত লিপ্ত হৈ আহিছে আছাম ৰাইফলছ। মেইটেইসকলে আছাম ৰাইফলছে কুকিক সমৰ্থন কৰাৰ অভিযোগ উত্থাপন কৰে। ম্যানমাৰ সীমান্তৰ মাজেৰে আছাম ৰাইফলছে পোনপটীয়াকৈ ৰাজ্যখনত অনুপ্ৰৱেশ কৰাৰ সুযোগ প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰিছে মেইটেই সংগঠনে। কিছুদিন পূৰ্বে মণিপুৰ আৰক্ষীয়েও অসম ৰাইফলছৰ বিৰুদ্ধে অসহযোগৰ অভিযোগ উত্থাপন কৰিছিল। আছাম ৰাইফলছৰ বিষয়াসকলে মেইটেইৰ ওপৰত অত্যাচাৰ চলাবলৈ কুকি উগ্ৰবাদীক আশ্ৰয় দিয়াৰ অভিযোগ উত্থাপন হৈছে। অৱশ্যে আছাম ৰাইফলছে তেওঁলোকৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খাৰিজ কৰে।
কিছুদিন পূৰ্বে মণিপুৰৰ বিষ্ণুপুৰ জিলাৰ মৈৰাং লামখাইৰ এটা গুৰুত্বপূৰ্ণ আৰক্ষী চকীৰ পৰা আছাম ৰাইফলছৰ জোৱানক আঁতৰাই দিয়া হৈছিল। তাৰ পৰিৱৰ্তে তাত চি আৰ পি এফক দায়িত্ব দিয়া হ’ল। আছাম ৰাইফলছৰ বৰ্বৰতাৰ বিৰুদ্ধে শেহতীয়া সময়ছোৱাত কেইবাবাৰো প্ৰতিবাদ সাৱ্যস্ত কৰা হৈছে ৷ বিষ্ণুপুৰ আৰু চুৰাচান্দপুৰ জিলাতো এই বাহিনীৰ বিৰুদ্ধে সমদল উলিওৱা হয়।