বিদ্যালয়সমূহ কেতিয়া খুলিব সেই লৈ শিক্ষাৰ্থী-অভিভাৱকৰ মাজত জল্পনা-কল্পনাৰ অন্ত নাছিল। অৱশেষত সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই ১৯ অক্টোবৰৰ পৰা সকলো শ্ৰেণীৰ পাঠদান আৰম্ভ হ’ব বুলি ঘোষণা কৰিলে অসমৰ শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে।
অহা ১ নৱেম্বৰৰ পৰা ৰাজ্যখনত ক’ভিড সম্পৰ্কীয় সকলো নিষেধাজ্ঞা বাতিল কৰা সন্দৰ্ভত ৰাজ্য চৰকাৰে চিন্তা-চৰ্চা কৰি আছে বুলি সোমবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত পৰ্য্যটন দিৱসৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল। তাৰ পৰৱৰ্তী দিনাই শিক্ষামন্ত্ৰীগৰাকীৰ বিদ্যালয় সম্পৰ্কীয় নিৰ্দেশনাই ক’ভিড নিষেধাজ্ঞা বাতিলৰ ক্ষেত্ৰত এক ইতিবাচক ইংগিত বহন কৰিছে।
শিক্ষামন্ত্ৰীগৰাকীৰ নিৰ্দেশনা অনুসৰি ৰাজ্যত অনাগত দুৰ্গা পূজাৰ পিছতেই বিদ্যালয়সমূহ সম্পূৰ্ণৰূপে খুলি দিয়া হ’ব। অৰ্থাৎ ১৯ অক্টোবৰৰ পৰা সকলো শ্ৰেণীৰ পাঠদান পুনৰ আৰম্ভ হ’ব।
অৱশ্যে প্ৰথম অৱস্থাত প্ৰতিটো শ্ৰেণীতে সপ্তাহত তিনিদিনকৈ পাঠদান কৰা হ’ব। শিক্ষামন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে বিদ্যালয়সমূহ খুলিলেও শিক্ষক-শিক্ষাৰ্থী তথা সকলো কৰ্মচাৰীয়ে সম্পূৰ্ণ ক’ভিদ নীতি অনুসৰণ কৰিব লাগিব।