ক’ভিডকালীন পৰিস্থিতিৰ কিছু সুস্থিৰ গতিলৈ লক্ষ্য কৰি চৰকাৰে সুদীৰ্ঘ ৬ মাহৰ অন্তত শিক্ষানুষ্ঠানসমূহ খুলি দিয়াৰ কথা ঘোষণা কৰিছিল। নিৰ্দেশনা অনুসৰি দ্বাদশ শ্ৰেণী, স্নাতকৰ অন্তিম ছেমিষ্টাৰ আৰু স্নাতকোত্তৰ অন্তিম বৰ্ষৰ ক্লাছসমূহ সোমবাৰৰ পৰা আৰম্ভ হৈছে।
অৱশ্যে প্ৰথম শ্ৰেণীৰ পৰা একাদশ শ্ৰেণী, স্নাতকৰ প্ৰথম সাতটা ছেমিষ্টাৰ আৰু স্নাতকোত্তৰ প্ৰথম বৰ্ষৰ শিক্ষাৰ্থীসকলৰ অনলাইন ক্লাছ অব্যাহত থাকিব। গুৰুত্বপূৰ্ণ কথাটো হৈছে কিছুমান বিশেষ নিৰ্দেশনাৰ মাজেৰেহে শিক্ষানুষ্ঠানসমূহ খোলাৰ নিৰ্দেশ দিয়া হৈছে।
শিক্ষা বিভাগৰ বিশেষ নিৰ্দেশনা অনুসৰি ১৮ বছৰ উৰ্ধ্বৰ দ্বাদশ শ্রেণীৰ শিক্ষাৰ্থীসকলহে শ্ৰেণীকোঠাত উপস্থিত থাকিব পাৰিব আৰু শ্ৰেণীসমূহৰ এটা শাখাত ৩০জনতকৈ অধিক শিক্ষাৰ্থী উপস্থিত থাকিব নোৱাৰিব।
লগতে শ্রেণী আৰম্ভ হোৱা শিক্ষাৰ্থীহে হোষ্টেলত থাকিব পাৰিব। অৱশ্যে হোষ্টেলৰ প্রতিগৰাকী আৱাসীয়ে দুই পালি ভেকচিন লোৱাটো বাধ্যতামূলক। এপালি ভেকচিন লোৱা শিক্ষাৰ্থীয়ে পাঠগ্রহণ কৰিব পাৰিব কিন্তু হোষ্টেলত থাকিব নোৱাৰিব।
শিক্ষানুষ্ঠান আৰম্ভ হোৱাৰ প্ৰথম ৩দিনৰ ভিতৰত শিক্ষক,শিক্ষাৰ্থী,শিক্ষাকৰ্মীৰ ভেকচিন প্রদানৰ ব্যৱস্থা কৰা হ’ব আৰু প্রয়োজন সাপেক্ষে বিদ্যালয় কৰ্তৃপক্ষই শাখা বৃদ্ধি কৰিব পাৰিব।
চৰকাৰে দিয়া নিৰ্দেশনাৰ লগতে বিদ্যালয়সমূহে বিশেষ কিছুমান নিয়ম অনুসৰণ কৰা বুলি জানিবলৈ পোৱা গৈছে। যেনে এখন বেঞ্চত দুজনকৈ ছাত্ৰ ছাত্ৰীক বহিবলৈ দিয়াৰ লগতে মাস্ক পিন্ধাটো বাধ্যতামূলক কৰা হৈছে। মাস্ক পৰিধান নকৰাসকলৰ বাবে বিদ্যালয়ৰ তৰফৰ পৰা মাস্ক যোগান ধৰা হৈছে বা সতৰ্কবাণী দি ওভতাই পঠিওৱা হৈছে।
আনহাতে চৰকাৰে বিশেষ নিৰ্দেশনাত উল্লেখ কৰিছে যে প্রতি সপ্তাহৰ মূৰে মূৰে শ্রেণীকোঠাসমূহ জিলা প্রশাসনৰ সহযোগত বিদ্যালয় পৰিচালনা সমিতিসমূহে ছেনিটাইজ কৰিব লাগিব৷ সেইদৰে ব্যক্তিগত বিদ্যালয়সমূহৰ স্কুলবাছৰ ক্ষেত্রতো কেতবোৰ বিশেষ নীতি–নির্দেশনা জাৰি কৰা হৈছে৷ একেদৰে এখন জিলাত ০২ শতাংশ আক্রান্তৰ হাৰ অতিক্রম হ’লেই সংশ্লিষ্ট জিলাখনৰ উপায়ুক্তই ৰাষ্ট্রীয় স্বাস্থ্য অভিযানৰ মিছন সঞ্চালকৰ সৈতে আলোচনাৰ জৰিয়তে শিক্ষানুষ্ঠানসমূহ বন্ধ কৰিব পাৰিব৷