অহা ৭জানুৱাৰীৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ ৪৩ সংখ্যক দ্বি-বাৰ্ষিক অধিবেশন বঙাইগাৱত অনুষ্ঠিত হ’ব | ৰাজ্যখনত সকলোৰে বাবে যাতে গুণগত শিক্ষা উপলব্ধ হয় তাৰ লক্ষ্যৰে আগন্তুক অধিৱেশনত অসমৰ শিক্ষক সমাজে এক সংকল্প লোৱাৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰিছে | চৰকাৰী তথ্য অনুসৰি ৰাজ্যখনত বৰ্তমান ৭৮০০০ হাজাৰ শিশু বিদ্যালয়ৰ বাহিৰত আছে |
শিশু শ্ৰমিক বন্ধ আইন বলবৎ হোৱাৰ পাছতো বেচৰকাৰী তথ্য অনুসৰি ১,৩৫,৬৬৭ জন শিশুৱে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত শ্ৰমিক হিচাবে নিয়োজিত হৈ আছে | এই বৃহৎ সমস্যাক প্ৰত্যাহ্বান হিচাবে গ্ৰহণ কৰি, ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ৰ লক্ষ্য পূৰণৰ উদ্দেশ্যে বঙাইগাওঁ অধিবেশনত অসমৰশিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ উপস্থিতিত শিশু শ্ৰমিক বন্ধ ,বিদ্যালয় বহিভূত শিশুক বিদ্যালয় মূখী কৰি সকলোৰে বাবে গুণগত শিক্ষা প্ৰদানৰ লক্ষ্যৰে অসমৰ শিক্ষক সমাজ সংকল্পবদ্ধ হ’ব |
৭ জানুৱাৰীৰ পূৱা ৯ বজাত পতাকা উত্তোলনেৰে আৰম্ভ হ’ব লগা অধিবেশনত অৱসৰপ্ৰাপ্ত কৃতি শিক্ষকক সম্বৰ্ধনা , প্ৰৰ্দশনী আৰু গ্ৰন্থমেলা উন্মোচন, ৰাষ্টীয় শিক্ষানীতি ২০২০ বিষয়ক আলোচনাচক্ৰ ,৮ জানুৱাৰীত সাংস্কৃতিক শোভাযাত্রা,মুকলি সভা,গ্ৰন্থ উন্মোচনী সভা,দ্ৰোণাচাৰ্য ,হীৰালাল পাটোৱাৰী , শিক্ষকশ্ৰী প্ৰতিযোগিতাৰ বঁটা প্ৰদান অনুষ্ঠান ৯ জানুৱাৰীত বিষয় বাচনি সভাৰে অধিবেশনৰ অন্ত পৰিব |
উল্লেখ্য যে, অধিৱেশনৰ তিনিওদিন পূৱা যোগ শিবিৰ অনুষ্ঠিত হ’ব | অধিৱেশনৰ সকলো কাৰ্যসূচীতে মহকুমা সমূহৰ প্ৰতিনিধি বৰ্গক উপস্থিত হ’বলৈ আহ্বান জনাইছে প্ৰাথমিক শিক্ষক সন্মিলনীয়ে ৷