ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ডিমু-ডোবক গাঁও পঞ্চায়ত আৰু বড়িগোগ গাঁও পঞ্চায়তবাসী ৰাইজৰ যাতায়াত ব্যৱস্থাৰ ক্ষেত্ৰত এক বৃহৎ সমস্যা পৰিলক্ষিত হৈছিল । সেয়েহে ৰাইজৰ যাতায়াত ব্যৱস্থা সুগম কৰাৰ নিমিত্তে ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত কনিহাৰ পৰা দিছপুৰলৈ অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ সেৱা আৰম্ভ হৈছে । এই বৃহৎ অঞ্চলৰ পৰা গুৱাহাটী মহানগৰলৈ বিভিন্ন ব্যক্তিগত, চৰকাৰী কাম-কাজ তথা বেপাৰ-বাণিজ্যৰ ক্ষেত্ৰত যাতায়াত কৰা লোকসকলৰ লগতে বিশ্ববিদ্যালয়, মহাবিদ্যালয়লৈ যোৱা ছাত্ৰ-ছাত্ৰী সকলৰ যাতায়াত সুচল কৰাৰ লক্ষ্যৰে কনিহা জগদ্ধাত্ৰী মন্দিৰৰ খেল পথাৰত ফ্লেগ অফ কৰি অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ সেৱা আনুষ্ঠানিক ভাৱে শুভাৰম্ভণি কৰা হয় ।
তাৰোপৰি আগন্তুক দিনত ডিমু অঞ্চলৰ ৰাইজৰ যোগাযোগৰ প্ৰতি লক্ষ্য ৰাখি দুই তিনিখন অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ সেৱা আৰম্ভ কৰাৰ চিন্তা চৰ্চা কৰা হৈছে । আগন্তুক দিনত ডিমুৰ পৰা ৰঙিয়া তুলসীবাৰী অঞ্চললৈ অসম ৰাজ্যিক পৰিৱহন নিগমৰ অধীনত ইলেট্ৰিক বাছ সেৱা আৰম্ভ কৰা হ’ব । এই অনুষ্ঠানত ৰঙিয়া সমষ্টিৰ বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, অসম ৰাজ্যিক পৰিবহন নিগমৰ উপাধ্যক্ষ প্ৰণৱজ্যোতি লহকৰ, অসম ৰাজ্যিক পৰিবহন নিগমৰ বিষয় ববীয়া সকল, পঞ্চায়তৰ বিষয় ববীয়া সকল, দলীয় কাৰ্যকর্তা সকলৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে ।