ৰাজ্যত আগন্তুক দুবছৰলৈ অনুষ্ঠিত নহয় টেট ৷ ইয়াৰ বিপৰীতে ইতিমধ্যে অসম টেট উত্তীর্ণৰ লগতে চি-টেট উত্তীর্ণ প্ৰার্থীসকলক নিযুক্তি দিয়া হ’ব ৷ এই কথা প্ৰকাশ কৰিছে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷
আজি এক কার্যসূচীত অংশগ্ৰহণ কৰি শিক্ষামন্ত্ৰীয়ে কয় –“ ৰাজ্যত দুবছৰৰ বাবে অসম টেট আমি স্থগিত ৰাখিছো ৷ বিটিএডৰ ক্ষেত্ৰত বেলেগ ৷ বিটিএডিত বিটিচি প্ৰশাসনে শিক্ষক নিযুক্তি দিয়ে ,তাৰ বাবে সেই কথাতো সুকীয়া ৷ এলপি আৰু ইউপিৰ বাবে টেট বাধ্যতামূলক ৷টেট লাগিবই ৷ কিন্তু আমাৰ ইয়াতে চি-টেট হয় ৷প্ৰতিবছৰত দুবাৰকৈ চি-টেট অনুষ্ঠিত হয় ৷ গতিকে কেন্দ্ৰীয় চৰকাৰে চি-টেট দুবাৰকৈ বছৰত অনুষ্ঠিত কৰাৰ পাছত আকৌ আমি পৃথকে অসম টেট পাতিলে ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা বোজা হয় ৷তেওঁলোকৰ খৰচ বাঢ়ে ৷ দুটা দুটা পৰীক্ষা দিব লাগে ৷ গতিকে ৰাজ্য চৰকাৰৰ নিয়োগ প্ৰক্ৰিয়াত অসম টেট খিনি ল’মেই,লগতে আমি চি-টেটৰ পৰাও বর্তমান প্ৰার্থী ল’ম ৷ দুবছৰৰ বাবে আমি অসম টেট স্থগিত ৰাখিছো ৷”
আনহাতে বিটিচিত শিক্ষক নিযুক্তি প্ৰসংগত তেওঁ কয় যে বিটিচি প্ৰশাসনে সিদ্ধান্ত লৈছে যে তেঁওলোকে তাত এটা বিশেষ টেট অনুষ্ঠিত কৰিব ৷তেওঁলোকৰ নিযুক্তি প্ৰক্ৰিয়া বেলেগ ৷ বিশেষ টেট অনুষ্ঠিত কৰিবলৈ নির্দেশ দিয়া হৈছে ৷ ষষ্ঠ অনুসুচীৰ বাহিৰৰ অঞ্চলত দুটা ভাষাত চি টেট অনুষ্ঠিত নহয় ৷ এটা হ’ল বড়ো ভাষা, আনটো হ’ল মাৰ ভাষা ৷ গতিকে বিটিচি বা ষষ্ঠ অনুসূচীৰ বাহিৰৰ অঞ্চলত বড়ো আৰু মাৰ মাধ্যমৰ বাবে সোনকালে টেট অনুষ্ঠিত কৰিম ৷