অসম আৰক্ষীয়ে সোমবাৰে মৰিগাঁও জিলাৰ পৰা নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন আনছাৰুল্লাহ বাংলা টীম(এ বি টি)ৰ সৈতে সম্ভাব্য সম্পৰ্ক থকা আন দুজন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰে। ধৃত সন্দেহযুক্ত সন্ত্ৰাসবাদী কেইজন হৈছে মুছাদিক হুছেইন আৰু ইক্ৰামুল ইছলাম। ইয়াৰে ইক্ৰামুল ইমাম হিচাপে কর্মৰত হৈ আছিল ৷ তেওঁক নগাঁও জিলাত গ্ৰেপ্তাৰ কৰা হৈছিল।
আনহাতে, অসম আৰক্ষীয়ে মৰিগাঁও জিলাৰ মৈৰাবাৰী অঞ্চলৰ পৰা হুছেইনক গ্ৰেপ্তাৰ কৰে। মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক অপৰ্ণা এনে সংবাদমাধ্যমক জনোৱা অনুসৰি ধৃত দুয়োজনৰে নিষিদ্ধ সংগঠনটোৰ সৈতে সম্পৰ্ক আছে।
উল্লেখ্য যে যোৱা মাহত মৰিগাঁও জিলা প্ৰশাসনে মৈৰাবাৰীত এখন মাদ্ৰাছা উচ্চেদ কৰিছিল ৷ ধৰ্মীয় শিক্ষানুষ্ঠানখনৰ চৌহদত আৰক্ষীয়ে সন্ত্ৰাসবাদী ঘাটি স্থাপন হোৱাৰ খবৰ লাভ কৰাৰ পাছতে উচ্চেদ চলাইছিল ৷
ইমাম আৰু মাদ্ৰাছাৰ শিক্ষককে ধৰি এতিয়ালৈকে প্ৰায় ৪০ জন লোকক সন্ত্ৰাসবাদী সংগঠনৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰাৰ পিছত ৰাজ্য প্ৰশাসনে সমগ্ৰ ৰাজ্যজুৰি তিনিখন মাদ্ৰাছা ভাঙি পেলাইছে ৷ এই মাদ্ৰাছাসমূহ আনছাৰুল্লাহ বাংলা টীম (এবিটি) আৰু আল কায়দা উপমহাদেশ (একিউআইএছ)ৰ সৈতে জড়িত থকা বুইলি সন্দেহ কৰা হৈছিল ৷
ধৰ্মীয় শিক্ষকৰ ছদ্মবেশত একাংশ উগ্ৰপন্থীয়ে গোপনে ৰাজ্যত জেহাদী আৰু ৰাষ্ট্ৰবিৰোধী কাৰ্যকলাপত অব্যাহত ৰখাৰ অভিযোগ উত্থাপিত হৈ আহিছে ৷