পৰীক্ষাৰ মাত্ৰ তিনি দিন পূৰ্বে সময়সূচী প্ৰকাশ কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অসম বিশ্ববিদ্যালয়ত ৷ মঙলবাৰৰ পৰা পৰীক্ষা অনুষ্ঠিত কৰাৰ তিনিদিন পূর্বে সময়সূচী ঘোষণা কৰা হৈছিল ৷
যাৰ বাবে শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে শিক্ষাৰ্থীসকল। বিশ্ববিদ্যালয় কতৃপক্ষৰ এনে হঠকাৰী সিদ্ধান্তৰ প্ৰতিবাদত শিক্ষাৰ্থীসকলে বিক্ষোভ প্ৰদৰ্শন কৰে ৷
ইলেক্ট্ৰনিক, কম্পিউটাৰ চায়েঞ্চ আৰু কৃষি বিভাগৰ পৰীক্ষা তিনি দিনৰ ভিতৰত অনুষ্ঠিত কৰিবলৈ সূচী প্ৰকাশ কৰাৰ পিছতে ক্ষুদ্ধ হৈ পৰে শিক্ষাৰ্থীসকল। বিশ্ব বিদ্যালয়ৰ মুখ্য প্ৰৱেশদ্বাৰত তলা লগাই শিক্ষাৰ্থীসকলে বিশ্ব বিদ্যালয়ৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে শ্লোগান দি পৰিস্থিতি উত্তাল কৰি তোলে ৷
গেটবন্ধ কৰি শিক্ষক আৰু কৰ্মচাৰীসকলক বিশ্ব বিদ্যালয়ত প্ৰবেশত বাধাও প্ৰদান কৰে প্ৰতিবাদীসকলে। ইউজিচিৰ নিম অনুসৰি পৰীক্ষাৰ সূচী ৭ দিন পূৰ্বে ঘোষণা কৰিব লাগে ৷ সেয়েহে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই লোৱা সিদ্ধান্ত বাতিল কৰি ৭ দিনৰ ভিতৰত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ দাবী জনাইছে পৰীক্ষাৰ্থীসকলে।