স্বাধীনতাৰ অমৃত মহোৎসৱৰ সময়তে গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ে ৭৫ বছৰত ভৰি দিবলৈ আৰু দুদিন বাকী। অহা ১৮ আগষ্টত মহাবিদ্যালয়খনে সম্পূর্ণ কৰিব ৭৪ টা গৌৰৱজ্জ্বল বর্ষ ৷ ৭৫ বছৰীয়া এই বৰ্ণিল পৰিক্ৰমাত মহাবিদ্যালয়খনে উত্তৰ পূৰ্বাঞ্চলৰ পশুপালন আৰু পশু চিকিৎসা ক্ষেত্ৰখনত বাটকটীয়া ৰূপে কাম কৰি আহিছে। এই উপলক্ষে অহা ১৮ আগষ্টৰ প্ৰতিষ্ঠা দিৱসৰ পৰাই আৰম্ভ হ’ব মহাৰজত জয়ন্তীৰ বছৰজোৰা কার্যসূচীৰ ৷ আজি গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেলত এই কথা সদৰী কৰে মহাবিদ্যালয়খনৰ ডীন ডঃ বিবেকানন্দ শইকীয়াই ৷ তেওঁ কয় ‘পূৰ্বোত্তৰৰ গৌৰৱ ৰূপে খ্যাত মহাবিদ্যালয় খনে স্নাতক, স্নাতকোত্তৰ পৰ্যায়ত সৃষ্টি কৰিছে মানৱ সম্পদ। শিক্ষণ, গৱেষণা আৰু সম্প্ৰসাৰণ এই তিনি দিশত মহাবিদ্যালয় খনে উল্লেখনীয় অৱদান আগবঢ়াবলৈ সক্ষম হৈছে। ভাৰতীয় সৈন্য তথা অন্য সুৰক্ষা বাহিনীৰ উচ্চ পদস্থ বিষয়াৰ পৰা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়ালৈ, বিভিন্ন ৰাজ্যৰ পশুপালন বিভাগৰ সঞ্চালকৰ পৰা বিদেশী ৰাষ্ট্ৰত সুপ্রতিষ্ঠিত পশুচিকিৎসকলৈ এক বহল পৰিসৰত এই মহাবিদ্যালয়ৰ ব্যাপ্তি বিৰাজমান। ভাৰতৰ ভিতৰতেই প্ৰথম গৰাকী পশুচিকিৎসক হিচাপে হাতীৰ চিকিৎসাৰ ক্ষেত্ৰত উল্লেখনীয় অৱদানৰ বাবে পদ্মশ্ৰী সন্মান প্রাপ্ত ডঃ কুশল কোৱৰ শৰ্মা এই মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্র তথা অধ্যাপক। এই মহাবিদ্যালয়ৰ দুগৰাকী প্ৰাক্তন ছাত্র ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ (ICAR) উপসঞ্চালক প্ৰধানৰ দৰে গুৰুত্বপূৰ্ণ আৰু দায়িত্বশীল পদত আধীন হৈছিল। বন্যপ্রাণী চিকিৎসা, সংরক্ষণ ইত্যাদি ক্ষেত্ৰত এই মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ আৰু অধ্যাপকৰ কাম ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সমাদৃত হৈছে। এই মহাবিদ্যালয়ৰ শিক্ষণ পশু চিকিৎসালয় খনে পশু চিকিৎসা ক্ষেত্ৰত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে ৰেফেৰাল হিচাপে বিশেষ চিকিৎসা সেৱা আগবঢ়াই আহিছে। গৱেষণা ক্ষেত্ৰত কামৰূপা নামৰ কুকুৰাৰ সঁচ, এইছ ডিকে ৭৫ নামৰ গাহৰিৰ প্ৰজাতি, মুৰ্গীৰ ৰানীখেত বেমাৰৰ ছিটা, অঞ্চলভিত্তিক খনিজ লৱণ, গাহৰিৰ শুক্রাণু পৰিবহণৰ বাবে পিগী ফ্লেক্স ইত্যাদি উল্লেখনীয় অৱদানে পশুপালক তথা কৃষকক উপকৃত কৰিছে।“ ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় বিভিন্ন গৱেষণামূলক প্রতিযোগিতাত এই মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, অধ্যাপকে বিভিন্ন পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছেবুলি উল্লেখ কৰি তেওঁ কয় যে সম্প্ৰসাৰণ ক্ষেত্ৰত সজাগতা সভা, কৃষকৰ প্ৰশিক্ষণ শিৱিৰ, কৃষি বিজ্ঞান কেন্দ্ৰৰ জৰিয়তে বিভিন্ন প্রযুক্তি কৃষকৰ ওচৰলৈ লৈ যোৱা ইত্যাদি বিভিন্ন কাম কৰিছে। এই মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে প্ৰত্যেক বছৰে গণৰাজ্য দিৱসৰ পেৰেডত অংশ লৈ বিভিন্ন প্ৰতিযোগিতাত পুৰস্কাৰ লাভ কৰি আহিছে।
আনহাতে মহাৰজত জয়ন্তীৰ আৰম্ভনি অনুষ্ঠান সন্দর্ভত তেওঁ কয় যে ৭৫ বছৰীয়া পৰিক্ৰমা উপলক্ষে দেশৰ বহু কেইগৰাকী প্ৰসিদ্ধ শিক্ষাবিদৰ উপস্থিতিত অনুষ্ঠিত হ’বলগীয়া মহাৰজত জয়ন্তীৰ উদ্বোধনী অনুষ্ঠান মুকলি কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। মহাৰজত জয়ন্তীৰ লগত সংগতি ৰাখি কৃষক সমাৰোহ, বাণিজ্যিক পক্ষী মেলা, ঘোঁৰা প্ৰদৰ্শনী, কুকুৰৰ প্ৰদৰ্শনী, ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত আলোচনা চক্ৰ, ন-পুৰণি ছাত্ৰ ছাত্ৰী সমাৰোহ আদিৰ আয়োজন কৰা হৈছে। পুৱা ৮ বজাত শ্বহীদ তর্পনৰ পিছত মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰা হ’ব। পুৱা ৯ বজাত বিষয়বস্তু ভিত্তিক এক বর্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন কৰা হৈছে ৷যত ছাত্র-ছাত্রী, অধ্যাপক, প্রাক্তন ছাত্ৰ-ছাত্ৰী, কৰ্মচাৰী, বিশিষ্ট অতিথি আৰু আমন্ত্রিত ব্যক্তিয়ে অংশগ্ৰহণ কৰিব। বিয়লি ৩:০০ বজাত আৰম্ভ হ’ব মুকলি অধিবেশন। মুকলি অধিবেশনত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই মুখ্য অতিথি হিচাপে আসন গ্ৰহণৰ সন্মতি প্ৰদান কৰিছে। কৃষি, পশুপালন আৰু পশু চিকিৎসা ইত্যাদি মন্ত্ৰী অতুল বৰা আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ বিদ্যুৎ চন্দন ডেকাই সন্মানীয় অতিথি ৰূপে অনুষ্ঠানত শোভা বঢ়াব। বিশিষ্ট পশু চিকিৎসা শিক্ষাবিদ, উত্তৰ প্ৰদেশৰ পণ্ডিত দীনদয়াল উপাধ্যায় পশু চিকিৎসা বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য তথা এৱম গো’ অনুসন্ধান প্ৰতিষ্ঠানৰ বিশিষ্ট শিক্ষাবিদ ড° এ.কে শ্রীবাস্তৱে সেইদিনা প্ৰতিষ্ঠা দিৱসৰ স্মাৰক বক্তৃতা প্ৰদান কৰিব। তদুপৰি উক্ত দিনতেই অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত বন্যপ্ৰাণী স্বাস্থ্য আৰু গৱেষণা প্ৰতিস্থান, মুক্ত আৰু দূৰ শিক্ষা সঞ্চালকালয় তথা সম্প্ৰসাৰণ শিক্ষা প্রতিষ্ঠানকে ধৰি তিনিখনকৈ গুৰুত্বপূৰ্ণ অনুষ্ঠানৰ শুভ উদ্বোধন কৰিব অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। সন্ধিয়া ৬ বজাত মহাবিদ্যালয় চৌহদ আলোকেৰে জিলিকাই তোলা হব আৰু তাৰ পিছত বর্ণাঢ্য সাংস্কৃতিক কার্যসূচী আৰম্ভ হ’ব। সংবাদ মেলত বিশিষ্ট পশু চিকিৎসা বিজ্ঞানী পদ্মশ্রী কুশল কোঁৱৰ শৰ্মা আৰু আয়োজক সমিতিৰ সম্পাদক ডঃ বীৰেন্দ্ৰনাথ ভট্টাচাৰ্য ও উপস্থিত থাকে।