দিল্লীত উদ্ধাৰ কৰা হৈছে এগৰাকী অসমীয়া মহিলাৰ মৃতদেহ ৷ জানিবপৰা মতে মৃত মহিলাগৰাকীক অসমৰ গোলাঘাটৰ ধনশিৰি উপ-সংমণ্ডলৰ বচাপথাৰৰ বাসিন্দা পিংকী বড়ো বুলি চিনাক্ত কৰা হৈছে। বাতৰি অনুসৰি, মহিলাগৰাকী ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানত কৰ্মৰত হৈ আছিল।
ইতিমধ্যে আৰক্ষীয়ে পিংকী বড়োৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। অৱশ্যে এই মূহুৰ্তলৈকে পোহৰলৈ অহা নাই পিংকীৰ মৃত্যুৰ প্ৰকৃত ৰহস্য ।