কৰ্মসংস্থাপনৰ বিচাৰি বহিঃৰাজ্যলৈ গৈ মৃত্যুক আঁকোৱালি ল’লে অসমৰ এজন লোকে । বছৰৰ শেষৰটো দিনতে যোৱা ৩১ ডিচেম্বৰত তামিলনাডুৰ চেন্নাইত মৃত্যু হৈছে মেৰাপানীৰ এজন লোকৰ। মৃত লোকজন গোলাঘাট জিলাৰ মেৰাপানী আৰক্ষী থানাৰ অন্তৰ্গত আদৰ্শ গমাৰীগুৰি গাঁও পঞ্চায়তৰ কলবাৰী গাঁৱৰ নিবাসী সিন্ধুৰাম দলেৰ পুত্ৰ উমাকান্ত দলে(৪৮) বুলি জানিব পৰা গৈছে ৷ তেওঁৰ মৃত্যুত সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।
প্ৰাপ্ত তথ্য অনুসৰি বিগত ছমাহ ধৰি চেন্নাইৰ এটা কোম্পানীত চিকিউৰিটী গাৰ্ড হিচাপে নিয়োজিত হৈ আছিল উমাকান্ত । ৰোগাক্ৰান্ত হৈ চেন্নাইৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাতে যোৱা ৩১ ডিচেম্বৰত মৃত্যু ঘটে।
সম্প্ৰতি ব্যক্তিজনৰ মৃতদেহ চেন্নাইৰ পৰা নিজ ঘৰলৈ আনিবলগা হোৱাত অৰ্থ অভাৱত দৰিদ্ৰ পৰিয়ালটোৰ মূৰত সৰগ ভাঙি পৰিছে। কিয়নো ইয়াৰ বাবে প্ৰয়োজন বৃহৎ পৰিমানৰ ধন ৷