চন্দ্ৰ মুদৈৰ দ্বাৰা পৰিচালিত অসমীয়া কথাছবি ৰণুৱাই সংবিধানৰ অষ্টম অনুসূচীত সন্নিৱিষ্ট অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবি হিচাপে বঁটা লাভ কৰে। কালি নতুন দিল্লীত ৬৭ তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ বঁটা বিতৰণি কাৰ্য্যসূচীত অংশ গ্ৰহণ কৰি পৰিচালক চন্দ্ৰ মুদৈয়ে উপ ৰাষ্ট্ৰপতি ভেংকয়া নাইডুৰ পৰা বঁটা গ্ৰহণ কৰে।
ইয়াৰ উপৰিও তৃতীয় লিংগৰ ওপৰত আধাৰিত উত্তৰ পূবৰ প্ৰথমখন কথাছবি জোনাকী পৰুৱাই বিচাৰকৰ বিশেষ বঁটা লাভ কৰিবলৈ সক্ষম হয়।
এইবাৰ কেন্দ্ৰীয় জুৰীৰ তালিকাত আমাৰ অসমৰ পৰিচালক, চলচ্চিত্ৰ নিৰ্মাতা মঞ্জু বৰাও আছিল।