অসমীয়া সমাজ গাঁওকেন্দ্ৰিক। অসমীয়া গাঁও সমাজৰ এটা গুৰুত্বপূৰ্ণ অংগ হল হাট বা বজাৰ। ঘৰত উৎপাদন হোৱা সামগ্ৰী –ধান -চাউল , হাঁহ-পাৰ , শাক-পাচলি , তামল-পাণ আদি হাটলৈ নি বেচা হয় । ঠিক তেনেকৈ দৈনন্দিন জীৱনৰ প্ৰয়োজনীয় বস্তুবোৰ হাটৰ পৰা কিনি অনা হয়। আগৰ দিনত বিনিময় প্ৰথাৰ যোগেদি সামগ্ৰীৰ সাল-সলনি কৰা হৈছিল।এই প্ৰথা আজিও অসমৰ হাটবোৰত দেখা যায়। হাটবোৰ সপ্তাহৰ এটা নিৰ্দিষ্ট বাৰত বহে। যেনে—দেওবৰীয়া হাট , বুধবৰীয়া হাট ইত্যাদি।
বাৰীত উৎপাদিত বস্তুৰ উপৰিও কিছুমান মূল্যবান বস্তু হাবিৰ পৰাও সংগ্ৰহ কৰা হয়। হাবিত হোৱা বেত , টকৌপাত , লতা , আদা -হালধি আদি হাটলৈ নি বিক্ৰী কৰা হয়।
জনজাতীয় সমাজৰ মহিলাসকলে ব্যক্তিগত ভাবে খেতিকৰি নিজৰ খৰচ উলিওৱা প্ৰথা প্ৰচলিত আছে।
হাটে অসমীয়া গাঁওলীয়া সমাজৰ অকল অৰ্থনৈতিক দিশত প্ৰভাৱ বিস্তাৰ কৰিছে এনে নহয় , সামাজিক , সাংস্কৃতিক আদি দিশতো যথেষ্ঠ অৰিহনা যোগাই আহিছে। সপ্তাহৰ গোটেই কেইটা দিন কৰ্মব্যস্ত মানুহে হাট বা বজাৰৰ দিনটোত সকলোৰে সৈতে দেখা দেখি হয়। অলপ মুকলি মনেৰে এজনে আনজনৰ লগত মনৰ ভাব বিনিময় কৰিবলেৈ সুবিধা পায়। এই হাট খনৰ যোগেদিয়ে সমন্ধীয় লোক সকলৰ খবৰ বাতৰি লোৱা হয়। বিবাহ উপযুক্ত লৰা-ছোৱালীৰ বাবে এই হাট বা বজাৰ খনতেই দৰা – কইনাৰ বা-বাতৰি পোৱা যায়।
অতি পুৰণি কালৰে পৰা চলি অহা হাট বা বজাৰে অসমীয়া সমাজত যথেষ্ট ভূমিকা পালন কৰি আহিছে।নগৰৰ বাহিৰেও গাঁও অঞ্চলত মানুহৰ সুবিধাৰ বাবে আজিকালি বহুতো আকৰ্ষণীয় দোকান আদি হৈছে যদিও আমি হাট বা বজাৰক আওকান কৰিব নোৱাৰো।গাঁওৰ জীয়ৰী-বোৱাৰীয়ে ঘৰতে খেতি-বাতি কৰি , হাঁহ- কুকুৰা পোহ-পাল দি বা তাতশালত কাপোৰ বই উৎপাদিত সামগ্ৰীবোৰ বিক্ৰী কৰিবৰ বাবে বজাৰ এখনৰ প্ৰয়োজন আছে। গাঁওৰ পুৰুষ -মহিলা উভয়ে হাটৰ জৰিয়তে আত্মনিৰ্ভৰলীল হৈ থাকিব বুলি আশা কৰিব পাৰি।