কর্মসংস্থাপনৰ সন্ধানত ওলাই গৈ পুনৰ সন্ধানহীন হৈছে অসমৰ এজন যুৱক ৷ অৰুণাচলৰ পৰা নিৰুদ্দেশ হৈছে অসমৰ যুৱকজন। নিৰুদ্দেশ হোৱা যুৱকজনৰ নাম আনন্দপাৰাৰ দেৱজিৎ দাস বুলি জানিব পৰা গৈছে ৷অৰুণাচলত কাম কৰিবলৈ গৈ ৰহস্যজনক ভাৱে নিৰুদ্দেশ হৈছে ডিগবৈৰ যুৱকজনৰ । ।
প্ৰাপ্ত তথ্য অনুসৰি যুৱকজন অৰুণাচলৰ ইথানিলত এক ফেব্ৰুৱাৰীৰ পৰা ৩ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হোৱা “ৰে ফেষ্টিভেল” নামৰ অনুষ্ঠানত চাউণ্ড অপাৰেটৰ হিচাপে কাম কৰিবলৈ গৈছিল ৷ অনুষ্ঠান শেষ কৰি অৰুণাচলৰে এখন হোটেলত সহযোগী সকলৰ সৈতে আছিল যুৱকজন ৷ তেতিয়াৰ পৰাই নিৰুদ্দেশ হৈ আছে দেৱজিৎ দাম নামৰ ডিগবৈৰ যুৱকজন ।
পৰিয়ালৰ ভাষ্যমতে ডিগবৈ গোলাইৰ নিবাসী এজন লোকৰ সৈতে গৈছিল দেৱজিৎ দাস। বৰ্তমানলৈকে কোনো খবৰ নোপোৱাত পৰিয়ালৰ লোকে অৰুণাচলৰ ৰ’য়িঙ থানাত এজাহাৰ দাখিল কৰিছে ।