বঙাইগাঁৱত অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেটত নতুন শিক্ষানীতিৰ ওপৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ২০২৩ বৰ্ষৰ পৰা নতুন শিক্ষানীতি অসমৰ শিক্ষানুষ্ঠানসমূহত বলবৎ হ’ব।
নতুন শিক্ষানীতি অনুসৰি সাম্প্ৰতিক সময়ত চলি থকা ১০+২ নীতিৰ সলনি হ’ব। ইয়াৰ পৰিৱৰ্তে ৫+৩+৩+৪ নীতিৰ প্ৰচলন হ’ব। ইয়াৰে ৫ বছৰ প্ৰাথমিক শিক্ষাৰ অন্তৰ্ভুক্ত হ’ব। তৃতীয় শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে এটা পৰ্যায়ত ধৰা হ’ব। য’ত শিশুক মাতৃভাষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হ’ব।
ষষ্ঠ, সপ্তম আৰু অষ্টম শ্ৰেণী মাধ্যমিক শিক্ষাৰ অন্তৰ্ভুক্ত কৰা হ’ব। আনহাতে নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীক উচ্চ মাধ্যমিকৰ অন্তৰ্ভুক্ত কৰা হ’ব। অৰ্থাৎ দশম শ্ৰেণীৰ মেট্ৰিক পৰীক্ষা ব্যৱস্থা নতুন শিক্ষানীতিত নাথাকিব। ২০২২ বৰ্ষৰ মেট্ৰিক পৰীক্ষাই হ’ব অসমৰ অন্তিম মেট্ৰিক পৰীক্ষা।
নতুন শিক্ষানীতিত ছাত্ৰৰ মূল্যায়নতকৈ বৌদ্ধিক বিকাশত গুৰুত্ব আৰোপ কৰিব। প্ৰাথমিক স্তৰৰ প্ৰথম ৫ বছৰত ছাত্ৰ ছাত্ৰীৰ স্কুল বেগৰ ওজন অতি নুন্যতম কৰাৰ সিদ্ধান্ত লৈছে। নতুন শিক্ষানীতিয়ে দেশৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক এক অনন্য মাত্ৰা প্ৰদান কৰিব বুলি আশা কৰিব পাৰি।