ৰেল লাইনৰ বৈদ্যুতিকৰণ সম্পূৰ্ণ হোৱাৰ পিছত অসমৰ প্ৰথমটো ইলেক্ট্ৰিক ল’ক’মটিভ ট্ৰেইন ইঞ্জিন কামাখ্যা ষ্টেচনত উপস্থিত হয়।
পূৰ্বতে কেৱল কোচবিহাৰলৈকে বিদ্যুত সঞ্চালিত ট্ৰেইন চলাচল কৰিছিল। কোচবিহাৰৰ পৰা অসমলৈ আহোঁতে ডিজেলযুক্ত ইঞ্জিন সংযোগ কৰা হৈছিল।
কামাখ্যা ষ্টেচনৰ পৰা বিহাৰলৈকে ইতিমধ্যে বৈদ্যুতিকৰণ সম্পূৰ্ণ হৈ উঠিছে। অতি সোনকালে নতুন দিল্লীলৈ এই প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ উঠিব।
কামাখ্যাৰ পৰা নতুন দিল্লীৰ সৈতে ৰেল যাতায়ত ব্যৱস্থা ক্ষিপ্ৰতৰ আৰু কম খৰচী হৈ উঠিব। অচিৰেই অসমকে ধৰি উত্তৰ পূবৰ ৰাজ্যসমূহৰ দুৰ্গম এলেকাসমূহে ভাৰতৰ ৰেল মানচিত্ৰত স্থান পাব।