মে’ মাহত সংঘটিত হোৱা ভূমিস্খলনত ৰাজ্যৰ ৮৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ লামডিং-বদৰপুৰ ৰে’লপথত হোৱা ক্ষতি মেৰামতি কৰিছে উত্তৰ-পূব সীমান্ত ৰে’লৱে।উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসংযোগ বিষয়া সব্যসাচী দেই সংবাদ মাধ্যমৰ আগত কয়, “ৰে’লপথৰ ক্ষতিৰ পৰিসৰ ওপৰত ভিত্তি কৰি চাবলৈ গ’লে ইমান বিশাল প্ৰাকৃতিক দুৰ্যোগৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত ভাৰতীয় ৰে’লৱেৰ ইতিহাসত এতিয়ালৈকে হোৱা আটাইতকৈ দ্ৰুত কাম।” তেওঁ কয় যে মে’ মাহৰ পৰা বাতিল কৰা দীৰ্ঘ দূৰত্বৰ ৰে’লসমূহৰ শীঘ্ৰে চলাচল আৰম্ভ নহ’ব যদিও অহা কেইদিনমানৰ ভিতৰত স্থানীয় যাত্ৰীবাহী ৰে’লসমূহ পুনৰ আৰম্ভ হ’ব।
তেওঁ কয় -‘আমি লঘু ইঞ্জিনৰ ট্ৰায়েল ৰান চলাইছো আৰু মঙলবাৰৰ পৰা মালবাহী ৰে’লসমূহো চলাচল আৰম্ভ কৰিছে। চেনি কঢ়িওৱা এখন মালবাহী ৰে’ল ত্ৰিপুৰালৈ প্ৰেৰণ কৰা হৈছে।”
ৰে’ল মন্ত্ৰালয়ে পুনৰ সংযোগ কৰিবলৈ ১৮০ কোটি টকা অনুমোদন জনায়। বিষয়াসকলে কয় যে বেয়া বতৰৰ মাজতো এনএফআৰে ২৪ ঘণ্টাই কাম কৰি আহিছে ৷ ক্ষতিগ্ৰস্ত ৰে’লপথ পুনৰুদ্ধাৰৰ বাবে অভিযন্তাকে ধৰি প্ৰায় ২০০০ লোক আৰু ৫০০ৰো অধিক গধুৰ আৰু সৰু যন্ত্ৰপাতি ২৪ ঘণ্টাই নিয়োগ কৰা হৈছিল।
ধাৰাসাৰ বৰষুণৰ ফলত ১৪ মে’ৰ পৰা দেশৰ বাকী অংশৰ সৈতে ত্ৰিপুৰা, মিজোৰাম, মণিপুৰ, আৰু উজনি অসমত ভূমিস্খলন হোৱাৰ লগতে ৰে’ল সংযোগ ব্যাহত হৈ পৰে৷