বাংলাদেশৰ ঢাকাত এটা বহুমহলীয়া অট্টালিকাত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত ৪৩ জন লোকৰ মৃত্যু হৈছে। এই অগ্নিকাণ্ডত আহত হৈছে কমেও ৪০ জন লোক। মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। আহতসকলক ঢাকা মেডিকেল কলেজ আৰু শ্বেখ হাছিনা নেচনেল ইনষ্টিটিউট অৱ বাৰ্ন এণ্ড প্লাষ্টিক চাৰ্জাৰীত ভৰ্তি কৰোৱা হৈছে। তাতেই তেওঁলোকৰ চিকিৎসা চলি আছে।
ঢাকাৰ অগ্নিনিৰ্বাপক বাহিনীৰ এগৰাকী বিষয়াই জনোৱা মতে, বৃহস্পতিবাৰে নিশা প্ৰায় ১০ বজাত ঢাকাৰ বেইলী ৰোডত অৱস্থিত এটা সাত মহলীয়া অট্টালিকাত অগ্নিকাণ্ড সংঘটিত হয়। ঘৰটো ব্যৱসায়িক কামত ব্যৱহাৰ কৰা হৈছিল। খাদ্যৰ দোকানৰ বাহিৰেও সেই অট্টালিকাত কাপোৰ-কানি, মোবাইল আদিৰ দোকান আছিল। বহুমহলীয়া অট্টালিকাটোৰ দ্বিতীয় মহলাত এখন বিৰিয়ানীৰ দোকান আছিল। মুঠ ১৩খন অগ্নি নির্বাপন বাহনৰ সহায়ত অগ্নিনিৰ্বাপক বাহিনীৰ লোকে দুঘণ্টাৰ প্ৰচেষ্টাৰ অন্তত নিশা প্ৰায় ১১:৫০ বজাত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। জুই নিৰ্বাপনৰ পিছত উদ্ধাৰৰ কাম আৰম্ভ হয়।
অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়া মহম্মদ মাইনুদ্দিনে জনোৱা মতে, বৃহস্পতিবাৰে নিশা প্ৰথম আৰু দ্বিতীয় মহলাত প্ৰথমে জুই লাগিছিল। লাহে লাহে ওপৰলৈ বিয়পি পৰিল জুই। তলৰ পৰা ওপৰলৈ জুই বিয়পি পৰাত বহু লোক ঘৰৰ ভিতৰত আবদ্ধ হৈ পৰে। জুই আৰু ধোঁৱাৰ পৰা হাত সাৰিবলৈ বহুতে ছাদত আশ্ৰয় লৈছিল। বহুমহলীয়া ভৱনটোৰ ভিতৰৰ পৰা মুঠ ৭৫ জন লোকক জীৱিত অৱস্থাত উলিয়াই অনা হয়। ইয়াৰে ৪০ জনক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। শুকুৰবাৰে পুৱাৰে পৰা পুনৰ উদ্ধাৰ কাম আৰম্ভ কৰা হ’ব। লগতে তেওঁ কয় যে তাত কেইবাখনো ৰেষ্টুৰেণ্ট আছে। তাত থকা গেছ চিলিণ্ডাৰৰ বিস্ফোৰণৰ ফলত জুই দ্ৰুতগতিত বিয়পি পৰে। জুই কেনেদৰে আৰম্ভ হ’ল তদন্ত চলি আছে।
স্বাস্থ্যমন্ত্ৰী সমন্তলাল সেনে ঢাকা মেডিকেল কলেজ আৰু শ্বেখ হাছিনা নেচনেল বাৰ্ন এণ্ড প্লাষ্টিক চাৰ্জাৰী ইনষ্টিটিউট পৰিদৰ্শন কৰি এ এফ পিক কয়, ‘এতিয়ালৈকে ৪৩ জন লোকৰ মৃত্যু হৈছে। সংখ্যা বাঢ়িব পাৰে। আহতসকলৰ চিকিৎসা চলি আছে।”
বাংলাদেশত অগ্নিনিৰ্বাপক নিয়ম উলংঘা কৰাৰ বাবে বাংলাদেশৰ ওখ অট্টালিকা বা কাৰখানাত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ঘটনা নতুন নহয়। ২০২১ চনত খাদ্য সংসাধন কাৰখানাত সংঘটিত অগ্নিকাণ্ডত শিশুসহ মুঠ ৫২ জন লোকৰ মৃত্যু হৈছিল। ২০১৯ চনত ঢাকাত বহুমহলীয়া অগ্নিকাণ্ডত ২৭ জন লোকে প্ৰাণ হেৰুৱাইছিল। সেই বছৰ আন এক অগ্নিকাণ্ডত ৭১ জন লোকৰ প্ৰাণহানি হয়। বহু আহত হয়। ২০১০ চনত ঢাকাৰ এটা ৰাসায়নিক কাৰখানাত সংঘটিত অগ্নিকাণ্ডত মুঠ ১২৪ জন লোকে প্ৰাণ হেৰুৱাইছিল।