ধাৰাসাৰ বৰষুণৰ ফলত এ্টা মন্দিৰ ভাঙি পৰাত ছিমলাত কমেও ৯ জন তীৰ্থযাত্ৰীৰ মৃত্যু হয়। সোমবাৰে পুৱা ছিমলাৰ ছামাৰ হিলত সংঘটিত হয় এই দুৰ্ঘটনা। তাত থকা শিৱ মন্দিৰৰ এটা অংশ হঠাৎ খহি পৰে ৷ সেই সময়ত পূজাৰ বাবে মন্দিৰৰ ভিতৰত বহু ভক্ত উপস্থিত আছিল ৷স্থানীয় সংবাদ সংস্থাটোৰ মতে, সোমবাৰে পুৱা এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত শিৱ মন্দিৰত কমেও ৫০ জন লোকৰ সমাগম হৈছিল। ইতিমধ্যে উদ্ধাৰ অভিযান আৰম্ভ কৰা হৈছে ৷ অধিক লোকৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে ৷
বিগত ৪৮ ঘণ্টা ধৰি ধাৰাসাৰ বৰষুণৰ ফলত ছিমলাত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে। কেইবাস্থানতো ভূমিস্খলন সংঘটিত হৈছে ৷ সোমবাৰে পুৱা হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখৱিন্দৰ সিং সুখুৰৰ কাৰ্যালয়ে জনোৱা মতে, ডাৱৰ বিস্ফোৰণ হোৱাৰ ফলত অত্যাধিক বৰষুণত হিমাচল প্ৰদেশৰ সোলানত ৭ জন লোকৰ মৃত্যু হয়। দেওবাৰে নিশা সোলানৰ জাদন গাঁৱত সংঘটিত হয় এই দুৰ্ঘটনা। ক্ষীপ্ৰ উদ্ধাৰৰ অন্তত ৬ জন লোকক ৰক্ষা কৰা হয় যদিও ৭ জনৰ মৃত্যু হয়। ইয়াৰ পিছত ছামাৰহিলত মন্দিৰ ভাঙি পৰাৰ ক্ষেত্ৰত যোৱা কেইদিনমানৰ ভিতৰত বৰষুণৰ বাবে হিমাচলত মৃত্যুৰ সংখ্যা ২১লৈ বৃদ্ধি পায়।
কেৱল ছিমলাতে নহয় সমগ্ৰ হিমাচল প্ৰদেশতো বৰষুণৰ ফলত বিভিন্ন অঞ্চলত ভূমিস্খলন সংঘটিত হৈছে। বহু ৰাস্তা বন্ধ হৈ পৰিছে । বৰষুণৰ বাবে ৰাজ্যৰ সকলো বিদ্যালয়, মহাবিদ্যালয় আৰু অন্যান্য শিক্ষানুষ্ঠান ১৪ আগষ্টলৈকে বন্ধ ঘোষণা কৰা হৈছে। বহু পৰ্যটকৰো আবদ্ধ হৈ পৰিছে। বিপাশা নদীলৈ যোৱাত প্ৰশাসনে কঠোৰ সকীয়নি জাৰি কৰিছে। স্থানীয় বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, হিমাচল প্ৰদেশত ১৭ আগষ্ট পৰ্যন্ত অব্যাহত থাকিব প্ৰচণ্ড বৰষুণ ।