২০২২চনৰ পৰা গ্ৰাহকে এ টি এমৰ পৰা নিৰ্ধাৰিত পৰিমানতকৈ অধিক ধন উলিয়ালে বেংকে লগাব পাৰে চাৰ্জ৷ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিৰ্দেশনা অনুসৰি এক্সিছ বেংক বা আন বেংকৰ এ টি এমত বিনামূলীয়াকৈ নিৰ্ধাৰিত পৰিমানতকৈ অধিক ধন উলিয়ালে ২১ টকা আৰু জি এছ টি দিব লাগিব গ্ৰাহক সকলে৷ ১ জানুৱাৰী ২০২২ৰ পৰা এই নতুন নিয়ম কাৰ্য্যকৰী হ’ব৷ ভাৰতীয় ৰিজাৰ্ভ বেংকে জানিবলৈ দিয়া মতে অধিক ইণ্টাৰচেঞ্জ চাৰ্জ আৰু জেনেৰেল কাষ্ট বঢ়াৰ বাবে এ টি এমৰ দ্বাৰা কৰা লেনদেনত চাৰ্জ বৃদ্ধি কৰি ২১টকা কৰাৰ অনুমতি দিয়া হৈছে৷
গ্ৰাহকে নিজৰ বেংক এ টি এমৰ পৰা বিনামূলীয়াকৈ ৫বাৰ (বিত্তীয় আৰু অবিত্তীয়) লেনদেন কৰিব পাৰিব আৰু মেট্ৰ’ চহৰত আন বেংকৰ এ টি এমৰ পৰা ৩বাৰ আৰু মেট্ৰ’ৰ বাহিৰৰ যিকোনো স্থানত বিনামূলীয়াকৈ ৫বাৰ লেনদেন কৰিব পাৰিব৷