ইউক্ৰেইন যুদ্ধৰ হাইপাৰছ’নিক ক্ৰুজ মিছাইলেৰে সজ্জিত এখন নতুন যুদ্ধ জাহাজ ৰাছিয়াৰ নৌসেনাক গতাই দিছে ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটিনে। বুধবাৰে ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী চাৰ্গেই শ্বোইগুৰ উপস্থিতিত পুটিনে “এডমিৰেল গৰ্ছকোভ” নামৰ মিছাইল কঢ়িয়াই অনা যুদ্ধ জাহাজখন নৌসেনাক গতাই দিয়ে। এডমিৰেল গৰ্ছকোভৰ কমাণ্ডাৰ ইগ’ৰ ক্ৰ’খমালৰ সৈতেও পুটিন আৰু চাৰ্গেইয়ে ভিডিঅ’ কনফাৰেন্স অনুষ্ঠিত কৰে।
ৰাছিয়াৰ সংবাদ মাধ্যমৰ মতে, সাগৰৰ উপকূলৰ ইউক্ৰেইনৰ খেৰচন, অডেছা আৰু মাৰিউপল চহৰৰ ওপৰত হেঁচা বৃদ্ধিৰ বাবে এই অঞ্চলত নতুন হাইপাৰছনিক ক্ৰুজ মিছাইলযুক্ত যুদ্ধ জাহাজ নিয়োগ কৰা হ’ব। ২৪ ফেব্ৰুৱাৰীত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটিনে ইউক্ৰেইনৰ বিৰুদ্ধে সামৰিক অভিযানৰ কথা ঘোষণা কৰাৰ পিছত মস্কোৱে বিমান আক্ৰমণৰ উপৰিও দীৰ্ঘ দূৰত্বৰ ক্ৰুজ মিছাইল আক্ৰমণ চলায়। ইয়াৰ পিছত ৰাছিয়াৰ আৰ্মাডা (টেংক আৰু সাজসজ্জিত গাড়ীৰে সজ্জিত) আৰু আৰ্টিলাৰী বিভাগে বেলাৰুছ, ডনবাছৰ মাজেৰে অভিযান আৰম্ভ কৰে।
প্ৰথম অৱস্থাত ৰাছিয়াৰ বাহিনীয়ে ৫৫০ কিলোমিটাৰ দূৰত্বৰ টছ-১ ক্ষেপণাস্ত্ৰ ব্যৱহাৰ কৰি দূৰৰ পৰা চহৰসমূহক আক্ৰমণ কৰিছিল। টি-৭২ টেংকত স্থাপন কৰা এই ‘মাল্টিপল লঞ্চ ৰকেট চিষ্টেম’ (এম এল আৰ এছ)ৰ ধ্বংসাত্মক শক্তি মাৰাত্মক। কিন্তু চহৰৰ ৰাজপথৰ যুদ্ধত ই ফলপ্ৰসূ নহয়।