VOICE 24x7
Friday, May 9, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

সাংগঠনিক শক্তি বৃদ্ধিৰে নিৰ্বাচনী প্ৰস্তুতিৰ আহ্বান অতুল বৰাৰ

voicedesk by voicedesk
March 27, 2023
in মুখ্য সংবাদ
সাংগঠনিক শক্তি বৃদ্ধিৰে নিৰ্বাচনী প্ৰস্তুতিৰ আহ্বান অতুল বৰাৰ
0
SHARES
21
VIEWS
Share on FacebookShare on Twitter

গণ পৰিষদৰ কৰ্মকৰ্তাসকলৰ মাজত নতুনকৈ উৎসাহ-উদ্দীপনাৰ সঞ্চাৰ কৰি দলটোক সঠিকভাৱে আগুৱাই নিয়াৰ উদ্দেশ্যে আজি তেজপুৰত বিশেষ কৰ্মকৰ্তা সন্মিলন অনুষ্ঠিত হয়। আদৰণি ভাষণ প্ৰদান কৰে দলৰ উপ-সভাপতি তথা তেজপুৰ বিধান সভা সমষ্টিৰ বিধায়ক পৃত্থীৰাজ ৰাভাই আৰু উদ্দেশ্য বাখ্যা কৰে সাধাৰণ সম্পাদক প্ৰবীন হাজৰিকাই। তেজপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত অসম গণ পৰিষদৰ তিনিখন জিলা সমিতি আৰু নটা বিধানসভা সমষ্টিৰ কৰ্মকৰ্তাসকলে অংশগ্ৰহণ কৰা এই সন্মিলনত আঞ্চলিকতাবাদী চিন্তাধাৰাৰ উত্থান ঘটাবলৈ প্ৰণালীবদ্ধভাৱে সাংগঠনিক কাম-কাজ আগবঢ়াই নিয়াৰ বিষয়ে আলোচনা কৰা হয়।

সন্মিলনত অসম গণ পৰিষদ দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই কয় যে, অসমৰ সংগ্ৰামী জনতাৰ অতুলনীয় ত্যাগ আৰু বীৰ শ্বহীদসকলৰ তেজেৰে গঢ়া দল অসম গণ পৰিষদে ৰাজ্যখনৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ হকে অহৰ্নিশে কাম কৰি আহিছে আৰু অগপৰ তৃণমূল কৰ্মীসকলেই হৈছে দলটোৰ মূল চালিকাশক্তি। দলৰ জনসংযোগ বৃদ্ধিৰে দলৰ ভেটি শক্তিশালী কৰাৰ ক্ষেত্ৰত নিষ্ঠাৰে কাম কৰি যাবলৈ প্ৰতিজন বিষয়ববীয়া, কৰ্মকৰ্তাক আহ্বান জনায়। বৰাই লগতে আগন্তুক পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনত দলটোৱে যাতে শক্তিশালী ৰূপত অৱতীৰ্ণ হ’ব পাৰে, তাৰ বাবে পূৰ্ণোদ্যমে প্ৰস্তুতি অব্যাহত ৰাখিবলৈ দলৰ কৰ্মকৰ্তাসকলৰ প্ৰতি আহ্বান জনায়। সন্মিলনত দলৰ কাৰ্য্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই প্ৰগতিশীল জাতীয়বাদৰ মূলমন্ত্ৰৰে অসমত আঞ্চলিক শক্তিৰ উত্থানৰ বাবে অহৰ্নিশে সেৱাৰত দলৰ চিৰনমস্য কৰ্মকৰ্তা সকলৰ অক্লান্ত পৰিশ্ৰমৰ বাবে কৃতজ্ঞতা জনায় ৷

মহন্তই লগতে দেশৰ লোকসভা নিৰ্বাচন, ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচন সমাগত বুলি কৈ এই নিৰ্বাচন সমূহত কংগ্ৰেছৰ লগতে অন্যান্য প্ৰতিদ্বন্দী সকলক পৰাভূত কৰাৰ বাবে মিত্ৰজোঁটৰ শক্তিশালী অংশীদাৰ হিচাপে দল অৱতীৰ্ণ হব লাগিব বুলি উল্লেখ কৰে৷ অগপ দলৰ অন্যতম দুৰ্গস্বৰূপ তেজপুৰত বিজয় ধ্বজা উৰুৱাৰ নিমিত্তে দলৰ প্ৰতিটো স্তৰকে শক্তিশালী কৰিবলৈ কাৰ্য্যকৰী সভাপতি গৰাকীয়ে আহ্বান জনায়। সন্মিলনত অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ সময়তে মাননীয় সভাপতি শ্ৰী অতুল বৰা ডাঙৰীয়াৰ দিকদৰ্শনত নতুন আৰু পুৰণি সতীৰ্থ সকলে সামাজিকভাৱে একত্ৰিত হবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ দলৰ সাধাৰণ সম্পাদক তথা বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাইয়ো দলীয় সংগঠনৰ ওপৰত বক্তব্য প্ৰদান কৰে। সন্মিলনত দলৰ সন্মানীয় বিধায়ক সকল, উপ সভাপতি সকল, সাধাৰণ সম্পাদক আৰু সম্পাদক সকল, ভাতৃ আৰু ভগ্নী পৰিষদৰ সভাপতি সকল, কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া সকল, তেজপুৰ লোকসভা সমষ্টিৰ অৰ্ন্তগত আটাইকেইখন জিলাৰে সভাপতি সকল, আটাইকেইটা বিধান পৰিষদৰ বিষয়ববীয়া আৰু কৰ্মী সকলে অংশগ্ৰহণ কৰে । সন্মিলনৰ শেষত দলৰ শোণিতপুৰ জিলা পৰিষদৰ সভাপতি ৰাতুল নাথে সকলোলৈ শলাগৰ শৰাই আগবঢ়ায়।

Previous Post

১২ ভাৰতীয় বলাৰক দিব নোৱাৰিব অতিৰিক্ত হেচা ! আই পি এলৰ দললৈ কিয় নির্দেশ দিলে ব’র্ডে !!

Next Post

সম্বলপুৰ, গুৱাহাটী, কলকাতাত লক্ষ্মীনাথ বেজবৰুৱাৰ ৮৫ সংখ্যক মৃত্যু দিৱস পালন

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
সম্বলপুৰ, গুৱাহাটী, কলকাতাত লক্ষ্মীনাথ বেজবৰুৱাৰ ৮৫ সংখ্যক মৃত্যু দিৱস পালন

সম্বলপুৰ, গুৱাহাটী, কলকাতাত লক্ষ্মীনাথ বেজবৰুৱাৰ ৮৫ সংখ্যক মৃত্যু দিৱস পালন

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7