ঐতিহাসিক অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ লগতে জাতীয় শ্বহীদসকলৰ পবিত্ৰ স্মৃতিত আজি ৰাজ্যজুৰি অসম গণ পৰিষদ দলে শ্বহীদ দিৱস পালন কৰে। অসম গণ পৰিষদ দলৰ আমবাৰীস্থ মুখ্য কাৰ্য্যালয়ত কেন্দ্ৰীয় ভাৱে শ্বহীদ দিৱস উদযাপন কৰাৰ উপৰিও দলৰ প্ৰতিখন জিলা সমিতি আৰু বিধান সভা সমষ্টি সমিতিয়ে দিনযোৰা কাৰ্য্যসূচীৰে শ্বহীদ দিৱস পালন কৰে। আজি আমবাৰীৰ কেন্দ্ৰীয় অনুষ্ঠানত পতাকা উত্তোলন কৰে সাধাৰণ সম্পাদক ডা০ কমলাকান্ত কলিতাই। শ্বহীদ তৰ্পন কাৰ্য্যসূচী মুকলি কৰে অসম আন্দোলনৰ শ্বহীদ অনিল ডেকা, শ্বহীদ প্ৰফুল্ল বড়ো আৰু শ্বহীদ মতিউৰ ৰহমানৰ পৰিয়ালবৰ্গই।
স্মৃতিচাৰণ সভাত দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা, কাৰ্য্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্ত, সাধাৰণ সম্পাদক ডা০ কমলাকান্ত কলিতা, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, নুৰুল হুছেইন, সত্যব্ৰত কলিতা, উপ-সভাপতি কুমাৰ দীপক দাস, সুনীল ডেকা, সুনীল ৰাজকোৱঁৰ, ড০ জয়নাথ শৰ্মা, প্ৰচাৰ সম্পাদক ড০ তপন দাস, অসম যুৱ পৰিষদৰ সভাপতি জিতু বৰগোহাঁই, মহানগৰ সমিতিৰ সভাপতি ৰাজেন মেধী, ভাতৃ-ভগ্নী সংগঠনসমূহ কেন্দ্ৰীয় বিষয়ববীয়া আৰু সদস্যসকল প্ৰমুখ্যে দলীয় নেতৃত্বই শ্বহীদসকল ত্যাগক স্মৰণ কৰি ৰাজ্যখনৰ অস্তিত্ব ৰক্ষাৰ কাৰণে দলৰ অংগীকাৰ পুনৰবাৰ প্ৰকাশ কৰে। দিনযোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত হোৱা এই অনুষ্ঠান আয়তীসকলে নাম-প্ৰসঙ্গ পৰিবেশন কৰে আৰু সন্ধিয়ালৈ বন্তি প্ৰজ্বলন কৰা হয়। দলৰ তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, নাজিৰা, চৰাইদেউ, যোৰহাট, গোলাঘাট, বোকাখাত, শদীয়া, নগাওঁ, কলিয়াবৰ, তেজপুৰ, ধেমাজী, বিশ্বনাথ, লখিমপুৰ, মঙ্গলদৈ, জালুকবাৰী, দিশপুৰ, পশ্চিম গুৱাহাটী, মাজুলী, গোৱালপৰা, ধুবুৰী, মানকাচৰ, বঙাইগাওঁ, বৰপেটা, নলবাৰী, ভৱানীপুৰ, ৰঙিয়া, ছয়গাওঁ, হাইলাকান্দি, শিলচৰ আদি বিভিন্ন স্থানতো দলটোৱে দিনযোৰা কাৰ্য্যসূচীৰে শ্বহীদ দিৱস পালন কৰে।