ম্যানমাৰৰ ক্ষমতাচ্যুত নেত্ৰী আং চান চ্যু কীক পুনৰ আন ৪ বছৰৰ কাৰাদণ্ড বিহিছে ম্যানমাৰৰ এখন আদালতে ৷ অবৈধভাৱে ৱাকি-টকী আমদানি আৰু ব্যৱহাৰৰ লগতে ক’ভিড বিধি উলংঘনৰ অভিযোগত নেত্ৰী গৰাকীক আদালতে এই শাস্তি প্ৰদান কৰিছে ৷ ইয়াৰ পূর্বে যোৱা বছৰৰ ডিচেম্বৰত চ্যু কীক আন দুটা অভিযোগত দোষী সাব্যস্ত কৰি আদালতে চাৰি বছৰৰ শাস্তি প্ৰদান কৰিছিল ৷ অৱশ্যে, এই শাস্তি দুবছৰলৈ হ্ৰাস কৰি ৭৬ বছৰীয়া নোবেল শান্তি বঁটা বিজয়ীগৰাকীক ৰাজধানী চহৰ নেপিড’ত গৃহবন্দী কৰি ৰাখি তেওঁক কাৰ্যকাল পালন কৰিবলৈ অনুমতি দিয়া হৈছিল।
জানিব পৰা মতে ২০২১ চনৰ ১ ফেব্ৰুৱাৰীত সামৰিক অভ্যুত্থানৰ দিনটোত সেনা বাহিনীয়ে চ্যু কীৰ বাসগৃহত অভিযান চলোৱাৰ সময়ত উদ্ধাৰ কৰা হৈছিল ৱাকি-টকী ৷জান্তাৰ দ্বাৰা চ্যু কীৰ চৰকাৰ উৎখাত হোৱাৰ পিছতে ম্যানমাৰত সামৰিক শাসনৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ সাৱ্যস্ত কৰা হৈছিল ৷ যাৰ ফলত সেনা আৰু প্ৰতিবাদীৰ মাজত সংঘর্ষৰ সূত্ৰপাত ঘটে ৷ এই সংঘর্ষত ১,৪০০ তকৈও অধিক লোকে প্ৰাণ হেৰুৱাইছে।
চ্যু কী বিৰুদ্ধে ৰুজু হৈ থকা এক ডজন গোচৰৰ বর্তমান বিচাৰ চলি আছে ৷ য’ত দোষী সাৱ্যস্ত হ’লে তেওঁক সৰ্বাধিক ১০০ বছৰতকৈ অধিক দিন কাৰাদণ্ড প্ৰদান কৰাৰ দিহা আছে ৷ অৱশ্যে বহিষ্কৃত নেত্ৰীগৰাকীয়ে এই সকলো অভিযোগ অস্বীকাৰ কৰিছে।আনহাতে,চ্যু কীৰ সমৰ্থকসকলে প্ৰকাশ কৰিছে যে এই অভিযোগসমূহৰ জৰিয়তে সামৰিক বাহিনীয়ে তেওঁলোকৰ কার্যকলাপক বৈধতা প্ৰদান কৰিব বিচাৰিছে ৷ আৰু তেওঁ ৰাজনীতিলৈ উভতি অহাৰ পথ প্ৰতিহত কৰাৰ ষড়যন্ত্ৰ চলোৱা হৈছে ৷