পুনৰ কাৰাগাৰৰ বন্ধ কুঠৰীত দিন কটাব লাগিব ম্যানমাৰৰ নেত্ৰী আং ছান চ্যু কী্য়ে ৷ ম্যানমাৰৰ জুণ্টাই নেত্ৰীগৰাকীক চাৰি বছৰৰ কাৰাদণ্ড বিহিছে ৷ ধাৰা ৫০৫(বি) আৰু প্ৰাকৃতিক দুর্যোগ আইনৰ অধীনত দো্ষী সাব্যস্ত কৰি আং ছান চ্যু কীক এই শাস্তি প্ৰদান কৰা হৈছে ৷সামৰিক শাসন ব্যৱস্থাৰ বিৰুদ্ধে উচটনি আৰু ক’ভিড বিধি ভংগ কৰাৰ অভিযোগত তেওঁক এই শাস্তি প্ৰদান কৰা হৈছে ৷ ইয়াৰ লগে লগে ম্যানমাৰত গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰৱর্তনৰ বাবে দশক জুৰি আন্দোলন কৰি অহা শান্তিৰ নোবেল বটাঁ বিজয়ী আং ছান চ্যু কী পুনৰ কাৰাগাৰত দিন কটাব লগীয়াটো নিশ্চিত হ’ল ৷
আং ছান চ্যু কীৰ নেতৃত্বত গঠন হোৱা গণতান্ত্ৰিক চৰকাৰক সামৰিক বাহিনীয়ে গাদীচ্যুত কৰাৰ পাছত যোৱা ১ ফেব্ৰুৱাৰীৰ পৰা তেওঁক গৃহবন্দী কৰি ৰখা হৈছে ৷ গৃহবন্দী কৰি ৰখাৰ পছতে নেত্ৰী গৰাকীৰ বিৰুদ্ধে কেতবোৰ গুৰুত্বপূর্ন অভিযোগ উত্থাপন কৰি আহিছে সামৰিক বাহিনীৰ চৰকাৰখনে ৷
জুণ্টাৰ মুখপাত্ৰ জাও মিন তুনে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি সামৰিক বাহিনীৰ বিৰুদ্ধে উচটনি প্ৰদান কৰাৰ বাবে দুবছৰ আৰু প্ৰাকৃতিক দুর্যোগ আইন ভংগ কৰাৰ বাবে আন দুবছৰ কাৰাদণ্ড বিহিছে নেত্ৰীগৰাকীক ৷