VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

নগাঁৱত “নগাঁৱৰ আহ্বান-নগঁঞা সমিধান” প্ৰতিযোগিতাৰ বঁটা প্ৰদান

voicedesk by voicedesk
December 9, 2023
in মুখ্য সংবাদ
নগাঁৱত “নগাঁৱৰ আহ্বান-নগঁঞা সমিধান” প্ৰতিযোগিতাৰ বঁটা প্ৰদান
0
SHARES
182
VIEWS
Share on FacebookShare on Twitter

ঋতু পৰ্ণ শৰ্মা,নগাঁও,৮ডিচেম্বৰ:–নগাঁও জিলা প্ৰশাসনৰ সহযোগত সংসদ সদস্যৰ স্থানীয় আঞ্চলিক উন্নয়ন আঁচনিৰ (MPLADS) অধীনত “এজন সাংসদ এক আইডিয়া”ৰ অন্তৰ্গত “নগাঁৱৰ আহ্বান-নগঁঞা সমিধান” শিৰোনামেৰে আয়োজন কৰা হৈছিল এখন প্ৰতিযোগিতাৰ । এই উপলক্ষে নগাঁৱৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত শুক্ৰবাৰে প্ৰতিযোগিতাখনৰ বঁটা বিতৰণী অনুষ্ঠানৰ অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে জিলাখনৰ জ্বলন্ত সমস্যাসমূহৰ স্থানীয় প্ৰেক্ষাপটৰ পৰা কাৰ্যকৰী সমাধানৰ বাবে সামূহিকভাৱে সন্ধান কৰা সকলো ৰাইজৰ প্ৰতি কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰে। আদৰণি ভাষণ প্ৰদান কৰি নগাঁৱৰ জিলা উন্নয়ন আয়ুক্ত গুণজিৎ কাশ্যপে বঁটা সন্দৰ্ভত এক চমু ভাষণ প্ৰদান কৰে। তেওঁ এই প্ৰতিযোগিতাৰ আঁৰৰ উদ্দেশ্যৰ বিষয়ে উল্লেখ কৰি কয় যে স্থানীয় সমস্যা সমাধানৰ বাবে উদ্ভাৱন আৰু উন্নয়নৰ ক্ষেত্ৰত তৃণমূল পৰ্যায়ৰ পৰা উচ্চস্তৰৰ দৃষ্টিভংগীক প্ৰসাৰ কৰা।

য’ত নগাঁৱৰ নাগৰিকৰ পৰা মূলতঃ জিলাখনত ড্ৰাগছৰ ভাবুকি,নগাঁও জিলাৰ আশে-পাশে থকা জলভাগৰ সজীৱতা আৰু নগাঁৱৰ আশে-পাশে আৱৰ্জনা ব্যৱস্থাপনা আদি বিষয়ৰ ওপৰত কাৰ্যকৰী ধাৰণা বা সমাধান আমন্ত্ৰণ জনোৱা হৈছিল। সেই অনুসৰি নিৰ্বাচন বিষয়াক সভাপতি হিচাপে লৈ এখন ৭জনীয়া ৰূপায়ণ সমিতি আৰু বঁটাৰ বাবে জিলা আয়ুক্তক অধ্যক্ষ হিচাপে লৈ ৯জনীয়া বাছনি সমিতি গঠন কৰা হয় । উল্লেখ্য যে প্ৰতিযোগিতাখনিত প্ৰথম পুৰস্কাৰ ১,২৫,০০০ টকা,দ্বিতীয় পুৰস্কাৰ ১,০০,০০০ টকা আৰু তৃতীয় পুৰস্কাৰ ৭৫,০০০ টকা ধন অন্তৰ্ভুক্ত কৰা হৈছে । বাছনি সমিতিৰ সিদ্ধান্তৰ ভিত্তিত প্ৰথম আতিকুল ইছলাম,দ্বিতীয় দেৱাশিষ ভূঞা আৰু তৃতীয় প্ৰমোদ বৰা নিৰ্বাচিত হয় । এই প্ৰতিযোগিতাত দুই শতাধিক অংশগ্ৰহণকাৰীক প্ৰশংসা পত্ৰ প্ৰদান কৰা হ’ব ।অনুষ্ঠানতে সাংসদ বৰদলৈয়ে নাগৰিকসকলক পৰিৱেশ সংৰক্ষণ আৰু আনুষংগিক বিষয়সমূহৰ বাবে কাম কৰিবলৈ প্ৰশংসা আৰু উৎসাহিত কৰাৰ উদ্দেশ্যে এই বছৰৰ পৰা নগঁঞা সাংসদৰ “সেউজ উদ্গনি বঁটা–২৩” মুকলি কৰাৰ কথা ঘোষণা কৰে।

এইবছৰৰ বাবে বিজয়ীসকল হ’ল প্ৰকৃতিবিদ আৰু লেখক ঋতুৰাজ ফুকন, প্ৰকৃতিবিদ দিলৱাৰ হুছেইন আৰু সঠিক আৱৰ্জনা ব্যৱস্থাপনা আৰু বহনক্ষম পৰিৱেশৰ বাবে কাম কৰি অহা দীপ জ্যোতি বৰা। প্ৰত্যেককে পুৰস্কাৰৰ লগতে ২০ হাজাৰ টকাৰ নগদ পুৰস্কাৰো প্ৰদান কৰা হয়। হাতী-মানুহৰ সংঘাত দূৰ কৰাৰ বিষয়ত কাম কৰি অহা আৰু পৰিৱেশ সংৰক্ষণ আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ কাম কৰি অহা দুটা সংগঠন ক্ৰমে “হাতী বন্ধু” আৰু “সেউজ পুলিচ”কো নগাঁও সাংসদৰ “সেউজ উদ্গনি বঁটা–২৩” প্ৰদান কৰা হয় আৰু ২৫ হাজাৰ টকাৰ নগদ পুৰস্কাৰৰে পুৰস্কৃত কৰা হয় । অনুষ্ঠানত বিশেষ আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি প্ৰকৃতিপ্ৰেমী সংগঠন “আৰণ্যক”ৰ প্ৰতিষ্ঠাপক আৰু মহাসচিব ড° বিভব কুমাৰ তালুকদাৰে পৰিৱেশ সুৰক্ষাৰ প্ৰয়োজনীয়তা আৰু এই খণ্ডত সামাজিক সংগঠন বা বেচৰকাৰী সংস্থাই ল’ব পৰা ভূমিকা সম্পৰ্কে বক্তব্য আগবঢ়ায়। নগাঁৱৰ নিৰ্বাচনী বিষয়া মৌচুম প্ৰতিম নাথে কাৰ্যসূচীৰ শলাগৰ শৰাই আগবঢ়োৱা বঁটা বিতৰণী অনুষ্ঠানত নগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অনন্ত গগৈৰ লগতে বহু আমন্ত্ৰিত বিশিষ্ট ব্যক্তি, জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰী উপস্থিত থাকে ।

Previous Post

কপিল ছিবালৰ বক্তব্যৰ তীব্ৰ প্ৰতিবাদ জাতীয় পৰিষদৰ

Next Post

নগাঁৱৰ চাপানালাৰ গড়চুক বেবেজীয়াত আঘাতপ্ৰাপ্ত বনৰীয়া হাতীৰ বিচৰণ,উন্নত চিকিৎসাৰ দাবী স্থানীয় ৰাইজৰ

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
নগাঁৱৰ চাপানালাৰ গড়চুক বেবেজীয়াত আঘাতপ্ৰাপ্ত বনৰীয়া হাতীৰ বিচৰণ,উন্নত চিকিৎসাৰ দাবী স্থানীয় ৰাইজৰ

নগাঁৱৰ চাপানালাৰ গড়চুক বেবেজীয়াত আঘাতপ্ৰাপ্ত বনৰীয়া হাতীৰ বিচৰণ,উন্নত চিকিৎসাৰ দাবী স্থানীয় ৰাইজৰ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7