ৰঙিয়াৰ কোঠোৰাত কণীধান উৎপাদন সন্দৰ্ভত সজাগতামুলক সভা এখন অনুষ্ঠিত হয়।ৰঙিয়া মহকুমা কৃষি বিভাগৰ কাৰ্যালয়ৰ উদ্যোগত অনুষ্ঠিত কৰা উক্ত সভাত কণীধানৰ উপযোগিতা তথা উৎপাদন সন্দৰ্ভত কৃষকসকলক অৱগত কৰোৱা হয়। ৰাজ্যিক কৃতি শিক্ষকৰ বটা প্ৰাপক যাদৱ চন্দ্ৰ কলিতাৰ সঞ্চালনাত অনুষ্ঠিত সভাত ৰঙিয়া চক্ৰ কৃষি উন্নয়ন বিষয়া দেৱ কুমাৰ শৰ্মা উপস্থিত থাকি কণীধানৰ উৎপাদনৰ গুৰুত্ব আৰু ইয়াৰ উপযোগিতা সন্দৰ্ভত ভাষণ প্ৰসঙ্গত আলোকপাত কৰে।
অঞ্চলটোৰ উদ্যমী যুৱক পঙ্কজ পল্লৱ শৰ্মাই আঁত ধৰা অনুষ্ঠানটোত ভাষণ প্ৰসঙ্গত কৃষি বিষয়াগৰাকীয়ে অতি সম্প্ৰতি আন্তঃৰাষ্ট্ৰীয় বজাৰত কণীধানৰ গুৰুত্ব বৃদ্ধি পোৱা হেতুকে বিশ্ব কণীধান বৰ্ষ হিচাবে ঘোষণা কৰিছে। যাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে কণীধানৰ উৎপাদনৰ লক্ষ্যৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। এনে এক প্ৰেক্ষাপটত ৰাজ্যৰ লগতে ৰঙিয়াৰ কৃষক সকলৰ মাজতো সজাগতা সৃষ্টিৰ প্ৰয়াসেৰে এনে এক পদক্ষেপ গ্ৰহণ কৰা বুলি সদৰী কৰে । সভাত এ আই মানস গোস্বামী কৃষি সম্প্ৰষাৰণ কৰ্মী হৰেণ দাস আৰু কিষান মৰ্চাৰ নবীন দাস আদিয়ে সমবেত কৃষক সকলক উদ্দেশ্যী ভাষণ ৰাখে । আনহাতে ইয়াৰ পিছতে কৃষি বিষয়া গৰাকীয়ে পঙ্কজ পল্লৱ শৰ্মাৰ কৃষি ভুমিত প্ৰদৰ্শনীমূলক কণীধানৰ বীজ সিচা কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। তেওঁক সহায় কৰে কৃষিক্ষেত্ৰৰ লগত জড়িত স্থানীয় উদ্যমী যুৱক পঙ্কজ পল্লৱ শৰ্মাই। কৃষিভূমিত কণীধানৰ বীজ সিঁচা কাৰ্যসূচী সফল কৰাত সহায় কৰে অঞ্চলটোৰ ভালেসংখ্যক কৃষকে। পৰীক্ষামূলকভাৱে কণীধানৰ খেতি কৰিবলৈ পায় ঊৎফুল্লিত পঙ্কজ পল্লৱ শৰ্মাই সকলো নিবনুৱাকে কৰ্মীমুখী হ’বলৈ আহ্বান জনায়।