আৰক্ষী বুলি কোৱাৰ লগে লগে থানাত অথবা ৰাজপথত অথবা কোনো ঘটনাৰ তদন্ত কৰি থকা ব্যক্তিৰ কথাই আমাৰ মনলৈ আহে ৷ কিন্তু আৰক্ষীৰ পোছাকত থকা ব্যক্তিয়ে বিদ্যালয়ৰ ল’ৰা-ছোৱালীক শিক্ষাদান কৰি থকাৰ দৃশ্য দেখিলে আপোনাৰ অলপ আচহুৱা যেন অনুভৱ হ’ব পাৰে ৷ কিন্তু তেনে এক দৃশ্যৰেই সকলোৰে দৃষ্টি আকষর্ণ কৰিবলৈ সক্ষম হৈছে উত্তৰ প্ৰদেশৰ এগৰাকী উচ্চ পদ্স্থ আৰক্ষী বিষয়াই৷ তেওঁৰ নাম হৈছে ৰঞ্জিত যাদৱ ৷ তেওঁ অযোধ্যা সংমণ্ডলৰ উপ পৰিদর্শক ৷ নিজৰ কর্তব্য অতি নিষ্ঠাৰে সম্পন্ন কৰা যাদৱে বন্ধৰ দিনত গছৰ তলত বহি এজাক ল’ৰা-ছোৱালীক হিন্দী, ইংৰাজী আৰু গণিতৰ শিক্ষা প্ৰদান কৰি আহিছে ৷ যাৰ বাবে তেওঁক উক্ত অঞ্চলটোত ‘খাকী পোছাকধাৰী গুৰু’ বুলি জনা যায় ৷
তেওঁ শিক্ষা দান কৰা ল’ৰা ছোৱালী সকলো এটা বিশেষ শ্ৰেণীৰ অন্তভুর্ক্ত ৷ তেওঁৰ ছাত্ৰ-ছাত্ৰীসকলৰ বেছিভাগেই ভিক্ষাৰীৰ সন্তান ৷ যিসকলে মন্দিৰৰ মাজৰ সৰু সৰু পথসমূহত ভিক্ষা কৰি জীৱন নির্বাহ কৰে ৷ তেওঁৰ ওচৰত শিক্ষা গ্ৰহণ কৰা অনাথ ১২ বছৰীয়া মেহেকে কয় – “প্ৰথম অৱস্থাত মই ছাৰক ভয় কৰিছিলো ৷ মাৰপিট কৰিব বুলি মই ভয় খাইছিলো ৷ কিন্তু এতিয়া তেওঁৰ ওচৰত উপস্থিত থাকি মজা লাগে।” ইতিমধ্যে মেহেকে বৰ্ণমালা আৰু সংখ্যাৰ ধাৰণা সম্পূর্ণৰূপে শিকিছে ৷
উল্লেখ্য যে উপ পৰিদৰ্শক যাদৱে পূৰ্বে নয়াঘাট আৰক্ষী চকীত কাম কৰাৰ সময়তে আৰম্ভ কৰিছিল এই অভিযান। তেওঁ নৈৰ পাৰত ভিক্ষা কৰি থকা কেইবাটাও ল’ৰা-ছোৱালীক লগ পোৱাৰ পিছত তেওঁলোকৰ বাবে কিবা এটা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ তাৰ পিছত এনে বঞ্চিত শিশুসকলক পাঠদান কৰাৰ ধাৰণাটো তেওঁৰ মনলৈ আহিছিল।
তেওঁ কয়, “মই অভিভাৱকসকলক একত্ৰিত কৰি সুধিলোঁ যে মই ক্লাছ আৰম্ভ কৰিলে তেওঁলোকৰ সন্তানক পঠিয়াব নেকি? প্ৰথম অৱস্থাত তেওঁলোক বৰ উৎসাহী নাছিল যদিও পিছত তেওঁলোকে মান্তি হৈছিল। মই ২০২১ চনৰ ছেপ্টেম্বৰ মাহত ক্লাছ আৰম্ভ কৰিছিলো।”
এতিয়া পুৱা ৭ বজাৰ পৰা ৯ বজাৰ ভিতৰত নিয়মীয়াকৈ তেওঁৰ ক্লাছত ৬০ টাতকৈও অধিক শিশু উপস্থিত থাকে। তাত থকা বিখ্যাত মন্দিৰৰ পৰা কিছু দূৰৈত খুৰ্জা কুণ্ডৰ ওচৰৰ এজোপা গছৰ তলত মুকলি ঠাইত ক্লাছ কৰা হয় ৷
নিজৰ অভিজ্ঞতাৰ কথা প্ৰকাশ কৰি তেওঁ কয় -“জ্যেষ্ঠসকলে মোক অতি সহায় কৰিছে ৷ তেওঁলোকে এই কামৰ বাবে মোক উৎসাহিত কৰি আহিছে ৷ তেওঁলোকে কয় যে মোৰ কামে আৰক্ষীৰ ভাবমূৰ্তিও উন্নত কৰিছে। প্ৰথম অৱস্থাত মই দৰমহাৰ পৰা “আপনা স্কুল”ৰ খৰচ – বহী, কলম আৰু পেঞ্চিল আদি ক্ৰয় কৰিছিলো ৷ কিন্তু অধিক শিশুৱে নামভৰ্তি কৰাৰ লগে লগে খৰচ বাঢ়ি আহিল।একাংশ সামাজিক সংগঠন আৰু স্থানীয় লোকে শিক্ষা প্ৰদানৰ কামত সমৰ্থন আগবঢ়াইছে।“
বানাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰীধাৰী যাদৱে কয় যে তেওঁৰ শ্ৰেণীৰ শিশুসকলক মোবাইলত শিক্ষা লাভৰ গুৰুত্বৰ বিষয়ে ভিডিঅ’ও দেখুওৱা হয় ৷ প্ৰায় ১৫ বছৰ বয়সত বিগত এবছৰ ধৰি শ্ৰেণীত উপস্থিত থকা শিৱই কয় যে ইয়াৰ ফলত তেওঁ অধিক আত্মবিশ্বাসী হৈ পৰিছে।