গুজৰাটত আয়ুৰ্বেদিক কাহৰ চিৰাপ সেৱন কৰি ৬ জনৰ মৃত্যু হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ সেই বিশেষ আয়ুৰ্বেদিক কাহৰ চিৰাপ বিচাৰি বিভিন্ন ঠাইত আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে। এই ঘটনাত এতিয়ালৈকে ৭ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।
আৰক্ষীৰ সূত্ৰ অনুসৰি খেৰাৰ বিভিন্ন গাঁৱত হঠাৎ এই ‘আয়ুৰ্বেদ’ কাহৰ চিৰাপ বিক্ৰী আৰম্ভ হয়। প্ৰতিটো বটলৰ দাম আছিল ১৩০ টকা। শ শ লোকে সেই কাহৰ চিৰাপটো ক্ৰয় কৰে । কিন্তু তাৰ পিছত আহিল বিপৰ্যয়। শুকুৰবাৰে জানিব পৰা মতে কাহৰ চিৰাপ সেৱন কৰি ৫জন লোকৰ মৃত্যু হয়। খেৰা জিলাৰ এখন চিকিৎসালয়ত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে এজন লোক। পিছত একাধিক প্ৰতিবেদনত প্ৰকাশ পাইছিল যে কাহৰ চিৰাপ সেৱনৰ পিছত মৃত্যু হোৱা লোকৰ সংখ্যা আছিল ছয়জন।
আৰক্ষীৰ প্ৰতিবেদন অনুসৰি যোৱা ২৯ নৱেম্বৰত কাহৰ চিৰাপ সেৱন কৰি প্ৰথম এজন লোকৰ মৃত্যু হয়। মিতেশ চৌহান নামৰ এজন ব্যক্তিৰ মৃত্যু হয় ৷ আগৰ নিশা মিতেশ আৰু ভায়েকে কাহ উপশম কৰিবলৈ চিৰাপ সেৱন কৰিছিল । পিছদিনাৰ পৰা দুয়োজনেই নানান শাৰীৰিক সমস্যাত ভুগিবলৈ ধৰিলে। বমি আৰম্ভ হয়। পিছত চিকিৎসালয়তে মৃত্যু হয় মিতেশৰ।
এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে, চিকিৎসা পৰীক্ষাৰ অন্তত এই সম্পৰ্কীয় কাহৰ চিৰাপ সেৱন কৰাৰ পিছত শৰীৰত বিভিন্ন লক্ষণ দেখা পোৱা বুলি জানিব পৰা গৈছে। মৃত্যু হৈছে ৬ জন লোকৰ। আৰক্ষী বিষয়াগৰাকীয়ে লগতে কয় যে ইতিমধ্যে আয়ুৰ্বেদিক চিৰাপ বিক্ৰেতাসকল ধৰা পৰিছে। মুঠতে ৭ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰ উপৰিও চুৰাট আৰক্ষীয়ে উক্ত আয়ুৰ্বেদিক চিৰাপৰ ২১৯৫টা বটল জব্দ কৰে। চিৰাপৰ নমুনা পৰীক্ষাৰ বাবে পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছে। চিৰাপ কেনেকৈ বজাৰলৈ আহিল সেই বিষয়েও তদন্ত চলি আছে।