উত্তৰ পুৰ্বাঞ্চলৰ ৰাজ্যসমূহত ৰাষ্ট্ৰীয় আয়ুষ মিছনৰ গুৰুত্বপূৰ্ণ কাৰ্যসূচী-প্ৰকল্পৰ কাৰ্যৰূপায়ন সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ আয়ুষ, বন্দৰ, জাহাজ আৰু জলপথ বিভাগৰ মাননীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত আজি দিনজোৰাকৈ গুৱাহাটীত এখন আঞ্চলিক পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয় । মহানগৰীৰ ভিভান্টা হোটেলত উত্তৰ পূৰ্বাঞ্চলৰ কেওখন ৰাজ্যৰ স্বাস্থ্য তথা আয়ুষ মন্ত্ৰীসকলক লৈ আয়োজিত আয়ুষ মন্ত্ৰালয়ৰ এই আঞ্চলিক পৰ্যালোচনা বৈঠকখন কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে। শুভাৰম্ভণি অনুষ্ঠানত কেন্দ্ৰীয় আয়ুষ মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী ড° মুঞ্জপাৰা মহেন্দ্ৰভাই কালুভাইৰ লগতে চুবুৰীয়া ৰাজ্যকেইখনৰ স্বাস্থ্যমন্ত্ৰীসকলৰ সৈতে অংশগ্ৰহণ কৰে ৷
পৰ্যালোচনা বৈঠকত ৰাষ্ট্ৰীয় আয়ুষ মন্ত্ৰালয়ৰ অধীনত অনুমোদিত বিভিন্ন প্ৰকল্পৰ অগ্ৰগতি আৰু আঁচনি সমূহৰ সৰ্ন্দভত আলোচনা কৰা হ’ব । ভৱিষ্যত পৰিকল্পনাসমূহৰ সন্দৰ্ভতো পৰিকল্পনাৰ জৰিয়তে স্বাস্থ্যখণ্ডক শক্তিশালী কৰাৰ ক্ষেত্ৰত এই পৰ্যালোচনা বৈঠকখনে দিকদৰ্শী ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে ৷
আজিৰ এই অনুষ্ঠানত ত্ৰিপুৰাৰ বিত্তমন্ত্ৰী প্ৰণজিত সিংহ ৰয়, অৰুণাচল প্ৰদেশৰ স্বাস্থ্যমন্ত্ৰী আলু লিবাং, মনিপুৰৰ স্বাস্থ্যমন্ত্ৰী ড° চপম ৰঞ্জন সিং, ছিকিমৰ স্বাস্থ্যমন্ত্ৰী কুংগা নিমা লেপছা, মিজোৰামৰ স্বাস্থ্যমন্ত্ৰী ড° আৰ. লালথাংলিয়ানা, আয়ুষ মন্ত্ৰালয়ৰ সচিব বৈদ্য ৰাজেশ কোটেচা, অসম চৰকাৰৰ স্বাস্থ্যবিভাগৰ প্ৰধান সচিব অবিনাশ যোশী আৰু মিজোৰামৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰধান সচিব ইষ্ঠেৰ লাল ৰুৱাটকিমিও উপস্থিত থাকে ৷