তুৰস্কৰ ভয়াৱহ ভূমিকম্পৰ প্ৰায় ১২৮ ঘণ্টাৰ পিছত দেওবাৰে তুৰস্কৰ আন্টাকিয়াত ধ্বংসাৱশেষৰ তলৰ পৰা উদ্ধাৰ কৰা হয় এটা দুমহীয়া কেঁচুৱা।
ধূলিৰে আৱৰি থকা শিশুটিৰ ছবি আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । এদিন পিছত আন এটা ভিডিঅ’ত কেঁচুৱাটোক পৰিস্কাৰ কৰি খাদ্য খওূআ দেখা গৈছে ৷
ভিডিঅ’টোৰ লগতে এজন ব্যক্তিয়ে লিখিছে, “ভূমিকম্পৰ ১২৮ ঘণ্টাৰ পিছত উদ্ধাৰ হোৱা এটি শিশু। গা ধোৱাৰ পাছত সুস্বাদু দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি সন্তুষ্ট।”
আন এজন ব্যক্তিয়ে ভিডিঅটোৰ তলত লিখিছে “ভগৱানে আশীৰ্বাদ কৰক। কিছু আশা উজ্জ্বল কৰাৰ বাবে ধন্যবাদ। তুৰস্ক আৰু ছিৰিয়াত এনেকুৱা এটা ট্ৰেজেডী সচাকৈয়ে ভয়ংকৰ ৷ “
উদ্ধাৰকাৰীয়ে জীৱিত অৱস্থাত উলিয়াই অনা আনসকলৰ ভিতৰত আছিল এগৰাকী দুবছৰীয়া ছোৱালী, এগৰাকী ছমহীয়া গৰ্ভৱতী মহিলা আৰু এগৰাকী চাৰি বছৰীয়া কিশোৰী আৰু তেওঁৰ পিতৃ।
ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি সমগ্ৰ তুৰস্ক আৰু ছিৰিয়াত কমেও ৮ লাখ ৭০ হাজাৰ লোকক খাদ্যৰ প্ৰয়োজন। ভূমিকম্পৰ ফলত প্ৰায় ২.৬ কোটি লোক ক্ষতিগ্ৰস্ত হৈছে বুলি বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰিছে।