‘বচপন কা প্যাৰ’ শীর্ষক গীতেৰে ব্যাপক জনপ্ৰিয়তা অর্জন কৰা ১০ বছৰীয়া সহদেব দার্দো মঙলবাৰে এক দূর্ঘটনাত পতিত হৈছে ৷ ছত্তীশগড়ৰ চুকমা জিলাৰ ৰাস্তাত মটৰচাইকেলৰ পৰা পিচলি পৰাৰ ফলত তেওঁ গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত হৈছে ৷ সন্ধিয়া প্ৰায় ৬:৩০ বজাত দুৰ্ঘটনাটো সংঘটিত হয় ৷মটৰচাইকেলৰ পৰা পৰি যোৱাৰ ফলত তেওঁ মূৰত গুৰুতৰভাৱে আঘাত পাইছে ৷ । জগদলপুৰ মেডিকেল কলেজ হাস্পতালত তেওঁক ভর্ত্তি কৰোৱা হৈছে ৷ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছতে চুকমাৰ উপা্যুক্ত বিনীত নন্দনৱাৰ আৰু আৰক্ষী অধীক্ষক সুনীল শৰ্মাই চিকিৎসালয় পৰিদৰ্শন কৰি দার্দোৰ স্বাস্থ্যৰ বুজ লয় ৷ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে নন্দনৱাৰক দার্দোৰ চিকিৎসাত কোনো ধৰণৰ ত্ৰুটি নাৰাখিবলৈ নির্দেশ দিছে ৷জনজাতীয় অধ্যুষিত আৰু নক্সাল প্ৰভাৱিত চুকমা জিলাৰ বাসিন্দা দার্দোৰ চলিত বছৰৰ মাজভাগত ‘বচপন কা প্যাৰ’ শীর্ষক গীতৰ এটা ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত ইণ্টাৰনেটত চৰ্চা লাভ কৰে।