ধন দাবীৰ গোচৰত গ্ৰেপ্তাৰ হোৱা বজালীৰ উপ আৰক্ষী অধীক্ষক পুস্কল গগৈৰ জামিন মঞ্জুৰ কৰা হৈছে । গুৱাহাটী উচ্চ ন্যায়ালয়ে গগৈৰ জামিন মঞ্জুৰ কৰে ৷
আৰক্ষীয়ে গোচৰটোৰ তদন্ত প্রক্রিয়া সমাপ্ত কৰাৰ বাবেই তেওঁক জামিন দিয়ে আদালতে। সমান্তৰালকৈ দীৰ্ঘদিন কাৰাগাৰত বন্দী হৈ থকাৰ বাবেও জামিন মঞ্জুৰ কৰে ন্যায়ালয়ে ।
অৱশ্যে এতিয়াও জামিন মঞ্জুৰ কৰা নাই একেটা গোচৰত গ্ৰেপ্তাৰ হোৱা আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ বুঢ়াগোহাঁইৰ। যোৱা ৭ ছেপ্টেম্বৰত গ্ৰেপ্তাৰ হৈছিল দুয়োজন আৰক্ষী বিষয়া। লগতে গ্ৰেপ্তাৰ হৈছিল আৰক্ষী জোৱান আৰু গাড়ীচালক ৷ গোচৰটো সন্দৰ্ভত আদালতত অভিযোগনামা দাখিল কৰিছে তদন্তকাৰী আৰক্ষীয়ে।