পাকিস্তানৰ এক বেকাৰী প্ৰতিষ্ঠানত কেকত ‘মেৰী খ্ৰীষ্টমাছ’ লিখিবলৈ অস্বীকাৰ কৰে প্ৰতিষ্ঠানটোৰ কৰ্মচাৰী সকলে ৷ ধৰ্মীয় মতানৈক্যৰ সৃষ্টি কৰা এনে কাৰ্য্যত ক্ষুব্ধ হৈ সামাজিক মাধ্যম যোগে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বহুজনে আনহাতে সামাজিক মাধ্যমযোগে ব্যৱসায় প্ৰতিষ্ঠানটোক ট্ৰ’ল কৰি অভিযোগকাৰীৰ পক্ষত থিয় দিয়া দেখা গৈছে সকলোকে ৷
সমসাময়িক ভাৱে ধৰ্মৰ নামত পাকিস্তানত ভেদভাৱৰ যি কাৰ্য্যকলাপ সেয়া দিনে দিনে বৃদ্ধি পাবলৈহে ধৰিছে ৷ এখন বেকাৰী প্ৰতিষ্ঠানত গ্ৰাহকে অৰ্ডাৰ কৰা কেকত ‘মেৰী খ্ৰীষ্টমাছ’ লিখিবলৈ প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীয়ে অস্বীকাৰ কৰাৰ কথা শেহতীয়াকৈ পোহৰলৈ আহিছে ৷ কৰ্মচাৰী গৰাকীয়ে জানিবলৈ দিয়া মতে সেয়া আছিল প্ৰতিষ্ঠানটোৰেই নিৰ্দেশ ৷ এই ঘটনাই সামাজিক মাধ্যমত তীব্ৰ জোকাৰণি সৃষ্টি কৰাৰ ফলত এতিয়া সৰৱ হৈ পৰিছে প্ৰতিষ্ঠানটোৰ মেনেজমেণ্ট আৰু তেওঁলোকৰ ফালৰ পৰাও বিষয়টো বিচাৰ কৰা হ’ব বুলি শেহতীয়াকৈ জানিবলৈ দিছে ৷ আনহাতে তেওঁলোকে জনাইছে যে এই ক্ষেত্ৰত সেই কৰ্মচাৰী জনৰ ওপৰতো বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷
পাকিস্তানত এনেধৰণৰ ঘটনা প্ৰথম বাৰৰ কাৰণে হোৱা নাই ৷ ২০১৮ চনতো হুবহু একেঢৰণৰ ঘটনা সংঘটিত হোৱা দেখা পোৱা গৈছিল আৰু সেইবাৰো প্ৰতিষ্ঠানটোৱে নিজৰ দোষ ঢাকিবলৈ কৰ্মচাৰীৰ ওপৰত দোষ জাপি দিছিল ৷ এইবাৰো এই ঘটনাৰ পুনৰাবৃত্তিত সেয়েহে সামাজিক মাধ্যমত মানুহৰ খং কম হোৱাতকৈ দুগুণে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷