পাকিস্তানৰ বেলুচিস্তানত সেনাৰ কনভয়ত ইম্প্ৰভাইজড এক্সপ্ল’ছিভ ডিভাইচ (আই ই ডি) বিস্ফোৰণত কমেও ৫ জন জোৱান নিহত হয়। আহত হয় কেইবাজনো লোক। এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে বেলুচিস্তান লিবাৰেশ্যন ফ্ৰণ্টে।
সেনাৰ সূত্ৰ অনুসৰি সোমবাৰে স্থানীয় সময় অনুসৰি বিয়লি ৩:৪০ বজাত বেলুচিস্তানৰ কেচ জিলাৰ টাৰ্বাটৰ ডানুক অঞ্চলত সেনাৰ কনভয়ত আক্ৰমণ সংঘটিত হয়। তুৰবাটত থকা সেনা শিবিৰৰ পৰা কনভয়টো ডানুক অঞ্চলত উপস্থিত হোৱাৰ লগে লগে ৰিম’ট কণ্ট্ৰ’লৰ জৰিয়তে আই ই ডি বিস্ফোৰণ কৰা হয়। বিস্ফোৰণৰ ফলত কনভয়ৰ এখন বাহন উৰি যায়। ফলত ৫ জন জোৱানৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো জোৱান আহত হয়।
বিএলএফৰ মুখপাত্ৰ মেজৰ ঘোৰাম বালোচে কয়, ‘আমি বেলুচিস্তানৰ বাবে যুঁজ দি যাম। তেওঁৰ কাৰণে প্ৰাণ দিবলৈ মই কুণ্ঠাবোধ নকৰো। এই আক্ৰমণৰ দায়িত্ব আমি গ্ৰহণ কৰোঁ। ইয়াত লুকুৱাবলৈ একো নাই। কাৰণ আমি সত্য আৰু ন্যায়ৰ বাবে যুঁজি আছো। অনাগত দিনতো এনেধৰণৰ আক্ৰমণ অব্যাহত থাকিব।”
এই আক্ৰমণৰ পিছতেই বিএলএফৰ সদস্যই ডানুকৰ আৱাসিক অঞ্চলত অগ্নিসংযোগ কৰে। পিছলৈ সেই অঞ্চল পাক সেনাই দখল কৰে ৷