শিশুক কাহৰ ঔষধ খুৱাওতে সাৱধান হওক ৷উজবেকিস্তানত ১৯টা শিশুৰ মৃত্যুৰ পিছতে ভাৰতৰ নয়ডাস্থিত কোম্পানী মেৰিয়ান বায়’টেকে নিৰ্মাণ কৰা দুটা কাহৰ চিৰাপ ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই। বিশ্ব স্বাস্থ্য সংস্থাৰ নিজা ৱেবছাইটত উল্লেখ কৰা অনুসৰি ২২ ডিচেম্বৰত উজবেকিস্তান চৰকাৰে প্ৰেৰণ কৰা প্ৰতিবেদন অনুসৰি কাহৰ চিৰাপ দুটাৰ মান পৰীক্ষা কৰা হৈছিল। সেই দুয়োটা চিৰাপে গুণগত পৰীক্ষাত ব্যৰ্থ হৈছিল। যাৰবাবে চিৰাপবোৰ শিশুৰ বাবে ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰে ৷
বিশ্ব স্বাস্থ্য সংস্থাই মেৰিয়ান বায়’টেকৰ এম্ব্ৰ’নল চিৰাপ আৰু ডক-১ মেক্স চিৰাপক অমান্য বুলি ঘোষণা কৰিছে। ক্লিনিকেল পৰীক্ষাত পোহৰলৈ অহা অনুসৰি এই কাহৰ চিৰাপ দুটাত ডাইথাইলিন গ্লাইকল আৰু গ্লাইকলৰ মাত্ৰা অতি উচ্চ। বিশ্ব স্বাস্থ্য সংস্থাই সকীয়াই দিয়ে যে এই দুয়োটা চিৰাপ ভাৰতৰ পৰা আন দেশলৈ প্ৰেৰণ কৰা হয়। এই দুয়োবিধ চিৰাপ উজবেকিস্তানৰ বাহিৰেও আন দেশতো পোৱা যায়। বিশেষকৈ শিশুৰ ক্ষেত্ৰত এই নিম্নমানৰ চিৰাপৰ ব্যৱহাৰ যথেষ্ট বিপজ্জনক হ’ব পাৰে।
উজবেকিস্তানৰ স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি মেৰিয়ান বায়’টেকে নিৰ্মাণ কৰা ঔষধ সেৱন কৰি ১৯ টা শিশুৰ মৃত্যু হয়। মঙলবাৰে উত্তৰ প্ৰদেশৰ খাদ্য সুৰক্ষা আৰু ঔষধ প্ৰশাসন বিভাগে এই ঘটনাক লৈ মেৰিয়ান বায়’টেকৰ ঔষধ নিৰ্মাণৰ অনুজ্ঞাপত্ৰ স্থগিত ৰাখিছিল।