ধাৰাসাৰ বৰষুণৰ ফলত উত্তৰ প্ৰদেশৰ অধিকাংশ অঞ্চলত বান পৰিস্থিতিৰ সৃষ্টি হৈছে। স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, যোৱা কেইদিনমান ধৰি হোৱা বৰষুণৰ বাবে ৰাজ্যৰ বহু জিলা পানীত বুৰ গৈছে। ফলত স্বাভাৱিক জনজীৱন ভয়ংকৰভাৱে বিঘ্নিত হৈ পৰিছে । ইয়াৰ সমান্তৰালকৈ গংগাৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ লগে লগে নদীখনৰ কাষৰীয়া অঞ্চলসমূহৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। ৰাজ্যখনৰ বান পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে বাৰ্তালাপ কৰে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।
কেৱল উত্তৰ প্ৰদেশতে নহয়, বিহাৰতো বান পৰিস্থিতিৰ সৃষ্টি হৈছে। আটাইতকৈ ভয়াৱহ পৰিস্থিতি মুজাফৰপুৰত। বাগমতী আৰু লখাণ্ডেই নদী বিপদসীমাৰ ওপৰেৰে বৈ আছে । আৱাসিক এলেকাত নদীৰ পানী প্ৰৱেশ কৰি বাকুচি, পাটাৰী, আন্দামা, বাছঘাট্টা নৱাড়া, গংগোইয়া গাঁও প্লাৱিত কৰে। প্ৰায় ৫০ হাজাৰ পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে। বিহাৰ উত্তৰ প্ৰদেশৰ লগতে গুজৰাট, মহাৰাষ্ট্ৰ, কৰ্ণাটক আৰু গোৱাত মঙলবাৰে প্ৰবলৰ পৰা অতি প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা আছে বুলি মৌচম ভৱনে প্ৰকাশ কৰিছে। এই ৰাজ্যসমূহত সতৰ্কবাণী জাৰি কৰা হৈছে। ইয়াৰ বাহিৰেও মধ্যপ্ৰদেশ, তামিলনাডু, ছত্তীশগড়, অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাত মধ্যমীয়াৰ পৰা প্ৰচণ্ড বৰষুণৰ আগজাননী দিয়া হৈছে ৷
গোৱা, উত্তৰাখণ্ড, মহাৰাষ্ট্ৰ, গুজৰাট, কেৰালা, কৰ্ণাটক, হিমাচল প্ৰদেশ, ৰাজস্থান, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, অন্ধ্ৰ প্ৰদেশ, তেলেংগানা, ওড়িশা আৰু ছত্তীশগড়ত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে। আনহাতে, বিহাৰ, পঞ্জাৱ, দিল্লীত ধুমুহা বৰষুণৰ পূৰ্বাভাস দিয়া হৈছে । লগতে ৩০-৪০ কিলোমিটাৰ বেগত বতাহ বলিব বুলিও বতৰ বিজ্ঞানে আগজাননী দিছে ৷