আমেৰিকাৰ জনপ্ৰিয় সংবাদ মাধ্যম এবিচি নিউজত সন্ধিয়াৰ বাতৰি সম্প্ৰচাৰ কৰা প্ৰথম গৰাকী মহিলা ঘোষিকা হিচাপে পৰিগণিত আমেৰিকাৰ টেলিভিছনত আটাইতকৈ জনপ্ৰিয় মহিলাসকলৰ ভিতৰত অন্যতম আৰু টিভিৰ অন্যতম বিশিষ্ট সাক্ষাৎকাৰ গ্ৰহণকাৰী বাৰ্বাৰা ৱালটাৰ্ছৰ শুকুৰবাৰে ৯৩ বছৰ বয়সত মৃত্যু হয় ।
এবিচিৰ কৰ্পৰেট অভিভাৱক দ্য ৱাল্ট ডিজনী কোম্পানীৰ মুখ্য কাৰ্যবাহী ৰবাৰ্ট আইগাৰে এক বিবৃতিত কয় যে ১৯৯৭ চনত এবিচিৰ জনপ্ৰিয় মহিলা টক শ্ব’ “দ্য ভিউ”সৃষ্টি কৰা ৱালটাৰ্ছৰ নিউয়ৰ্কৰ নিজা বাসগৃহত মৃত্যু হয়। ইগাৰে লিখিছে যে বাৰ্বাৰা আছিল এগৰাকী প্ৰকৃত কিংবদন্তি, কেৱল মহিলা সাংবাদিক সকলৰ বাবেই নহয় বৰঞ্চ সমগ্ৰ সাংবাদিকজগতত তেওঁ আছিল এগৰাকী অগ্ৰণী সাংবাদিক ।
পাঁচ দশকজুৰি চলি থকা সম্প্ৰচাৰ কেৰিয়াৰত কিউবাৰ ফিডেল কাষ্ট্ৰো, ব্ৰিটেইনৰ মাৰ্গাৰেট থেচাৰ, লিবিয়াৰ শাসক মোৱাম্মাৰ গাদ্দাফি, ইৰাকৰ শাসক ছাদ্দাম হুছেইন, ৰাছিয়াৰ ৰাষ্ট্ৰপতি বৰিছ য়েলচিন আৰু ভ্লাদিমিৰ পুটিন, আৰু প্ৰতিজন আমেৰিকাৰ ৰাষ্ট্ৰপতি আৰু প্ৰথম মহিলাকে ধৰি বিশ্ব নেতাৰ এক শৃংখলৰ সাক্ষাৎকাৰ লৈছিল ৱালটাৰ্ছে।
২০০৪ চনত চিকাগো ট্ৰিবিউনৰ এক সাক্ষাৎকাৰত ৱালটাৰ্ছে কয় যে তেওঁ কেতিয়াও ভবা নাছিল যে তেওঁৰ এনে ধৰণৰ জীৱন হ’ব।
২০১৩ চনত নিউয়ৰ্ক টাইমছক দিয়া এক সাক্ষাৎকাৰত ৱালটাৰ্ছে কৈছিল যে তেওঁ য়েলচিনক সুধিছিল যে তেওঁ বেছিকৈ মদ্যপান কৰে নেকি আৰু পুটিনক সুধিছিল যে তেওঁ কাৰোবাক হত্যা কৰিছে নেকি।
চেলিব্ৰিটিসকলৰ সাক্ষাৎকাৰো যাৰ জীৱনৰ এটা গুৰুত্বপূৰ্ণ অংশ আছিল আৰু ২৯ বছৰ ধৰি তেওঁ অস্কাৰৰ পূৰ্বে একাডেমী বঁটাৰ বাবে মনোনীতসকলক লৈ এক সাক্ষাৎকাৰ কাৰ্যসূচী আয়োজন কৰিছিল।
উল্লেখনীয় যে ‘আৰ’ বৰ্ণটো উচ্চাৰণ কৰাত অসুবিধা হোৱাৰ পিছতো এইগৰাকী ব্যক্তি নিজৰ ক্ষেত্ৰখনৰ শীৰ্ষত উপনীত হয় ।
ৱালটাৰ্ছৰ জন্ম হৈছিল ব’ষ্টনত। তেওঁৰ পিতৃ লু ৱালটাৰ্ছে শ্ব’ বিজনেছত নাইটক্লাবৰ মালিক আৰু বুকিং এজেণ্ট হিচাপে কাম কৰিছিল আৰু কমেডিয়ান ফ্ৰেড এলেন আৰু অভিনেতা জেক হেলীৰ দৰে প্ৰতিভাবান শিল্পীৰ আৱিষ্কাৰ কৰাৰ কৃতিত্বও লাভ কৰিছিল ৷
ছাৰা লৰেন্স কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত ১৯৬১ চনত এনবিচিৰ “টুডে” শ্ব’ত লেখিকা আৰু ছেগমেণ্ট প্ৰযোজক হিচাপে যোগদান কৰাৰ আগতে তেওঁ জনসংযোগৰ কাম কৰিছিল ।
ইয়াৰ পিছত “টুডে”ত ১৩ বছৰ কাম কৰাৰ পিছত ১৯৭৬ চনত তেওঁ এবিচিলৈ গৈ আমেৰিকাৰ সন্ধিয়াৰ বাতৰি পৰিবেশনৰ প্ৰথমগৰাকী মহিলা সহ-এংকৰ হিচাপে ইতিহাস ৰচনা কৰে ৷ যাৰ বাবে ৱালটাৰ্ছক ১০ লাখ ডলাৰৰ বাৰ্ষিক দৰমহা দিয়া হয়।
১৯৭৮ চনত “এবিচি ইভিনিং নিউজ”ৰ পিছত তেওঁ নেটৱৰ্কৰ প্ৰাইম টাইম নিউজ মেগাজিন শ্ব’ “২০/২০”ত নিজকে প্ৰতিষ্ঠা কৰে আৰু ২৫ বছৰ ধৰি এই অনুষ্ঠানৰ সৈতে জড়িত হৈ থাকে।
নিউয়ৰ্ক টাইমছে তেওঁক আমেৰিকাৰ সৰ্বাধিক পৰিচিত টেলিভিছন ব্যক্তিত্ব বুলি অভিহিত কৰিছিল ৷১৯৯৭ চনত ৱালটাৰ্ছে এবিচিত “দ্য ভিউ” আৰম্ভ কৰে, যি আছিল মহিলাসকলৰ বাবে এক জনপ্ৰিয় আলোচনা অনুষ্ঠান ।
এক প্ৰতিবেদন অনুসৰি জানিবপৰা মতে ১২টা এমি বঁটা লাভ কৰা ৱালটাৰ্ছে এবিচি নিউজত থকাৰ সময়তে ১১টাকৈ এমি বঁটা লাভ কৰিছিল।
এইগৰাকী মহান সাংবাদিকৰ মৃত্যুৱে নিশ্চয়কৈ সমগ্ৰ বিশ্বৰ সংবাদ জগতত পেলাইছে গভীৰ শোকৰ ছাঁ ৷