কাটাৰত সংঘটিত এক চাঞ্চল্যকৰ ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ কাটাৰৰ এটা সুৰক্ষিত অঞ্চলত এটা অস্ত্ৰধাৰী দলে আক্ৰমণ চলাই ২৯টা কুকুৰ হত্যা কৰাৰ লগতে আনকো আহত কৰে। দোহাস্থিত উদ্ধাৰকাৰী দাতব্য সংস্থা পিএডব্লিউএছ ৰেচকিউ কাটাৰে প্ৰকাশ কৰা অনুসৰি আক্ৰমণকাৰীসকলে এটা সুৰক্ষিত কাৰখানা এলেকাত উপস্থিত হৈ নিৰাপত্তাৰক্ষীসকলক অস্ত্ৰৰে ভাবুকি প্ৰদান কৰে ৷ তাৰ পিছত বলপূর্বকভাৱে অঞ্চলটোত প্ৰৱেশ কৰি কুকুৰ কেইটাক গুলীয়াই হত্যা কৰে ৷ এই অঞ্চলটোত অসুস্থ- আঘাতপ্ৰাপ্ত কুকুৰক আশ্ৰয় দি প্ৰতিপালন কৰা হয় ৷ আক্ৰমণকাৰীসকলে দাবী কৰা মতে, এটা কুকুৰে তেওঁলোকৰ পুত্ৰক কামোৰাৰ বাবেই তেওঁলোকে কুকুৰকেইটাক গুলীয়াই হত্যা কৰে।
পিএডব্লিউএছ ৰেচকিউ কাটাৰে কয়, “দুজন লোকৰ হাতত বন্দুক থকাৰ বাবে নিৰাপত্তাৰক্ষী দলটোৱে ভয় খাইছিল। নিৰাপত্তাৰক্ষীসকলে কুকুৰৰ দলটোক গুলীয়াই হত্যা কৰাত বাধা দিবলৈ চেষ্টা কৰিছিল ৷ ইয়াৰ বাবে নিৰাপত্তাৰক্ষীসকলকো হত্যাৰ ভাবুকি দিছিল আক্ৰমণকাৰীসকলে ৷”
দুবৃর্ত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত এটা কুকুৰ পোৱালি চিকিৎসাধীন অৱস্থাত আছে ৷ এই ঘটনাই ৰাইজৰ মাজত ক্ষোভ আৰু উদ্বেগৰ সৃষ্টি কৰিছে। পশু অধিকাৰৰ হকে কাম কৰি অহা ব্ৰেণ্ড ৰনি হেলৌৱে এই হত্যাকাণ্ডক “বৰ্বৰ”আৰু কাটাৰৰ সমাজৰ প্ৰতি ভাবুকি” বুলি অভিহিত কৰিছে ৷ ইয়াৰ উপৰিও এই হৃদয়বিদাৰক ঘটনাৰ তদন্ত কৰি হত্যাকাৰীক উচিত শাস্তি দিবলৈ চৰকাৰক আহ্বান জনায়।